শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg death: সঁচাকৈ স্বাভাৱিক আছিল নে? জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী বিশিষ্ট লোকৰ পৰা অনুৰাগীলৈ…

Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হৈছে বহু ৰহস্যৰ। এতিয়া বিভিন্নজনে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা অসমত হোৱা বিচাৰিছে। সামাজিক মাধ্যমযোগে এই দাবী জনাইছে বিভিন্নজনে।

Zubeen garg death: সঁচাকৈ স্বাভাৱিক আছিল নে? জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী বিশিষ্ট লোকৰ পৰা অনুৰাগীলৈ…
জুবিন গাৰ্গImage Credit source: Facebook (Zubeen garg)
barasha-sarma
Barasha Sarma | Published: 22 Sep 2025 16:09 PM

অসমৰ সকলোৰে হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো সময়ৰ লগে লগে ৰহস্যঘন হৈ পৰিছে। ছিংগাপুৰৰ হাস্পাতালৰ মৃত্যুৰ প্ৰমাণ পত্ৰ অনুসৰি জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে। গতিকে প্ৰশ্ন হয়, ইমানখিনি মানুহ ওচৰত থকাৰ সময়ত কেনেকৈ জুবিন পানীত ডুবিল? বৰ্তমান সময়ত জুবিনৰ মৃত্যুৰ পূৰ্বৰ দুটা ভিডিঅ’ ভাইৰেল হৈ আহিছে। দুয়োটা ভিডিঅ’তে দেখা গৈছে যে, শেখৰ গোস্বামীয়ে সাঁতুৰি আছে আৰু আন দুজনমানে নৌকাবিহাৰত ব্যস্ত আছে। ইফালে আনসকল আছে য়াটত। গতিকে ইমানখিনি মানুহ থকাৰ সময়ত কেনেকৈ মৃত্যুক সাৱতিলে জুবিনে?

এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বহুতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা অসমত হোৱা বিচাৰিছে। জুবিন গাৰ্গৰ বহু অনুৰাগীৰ পৰা আৰম্ভ কৰি বিশিষ্ট চিকিৎসক, সাহিত্যিক, একাংশ শিল্পী আদি বহুতে  মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী কৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাই লিখিছে যে- “অসমতো এটি অভিজ্ঞ ফৰেনছিক ডাক্তৰৰ দলৰদ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল, যাতে অসমৰ প্ৰাণৰ শিল্পীজনক লৈ আমি আশ্বস্ত হ’ব পাৰো। অন্যথা আমাৰ মনত চিৰদিনলৈ এটা সংশয় থাকি যাব। কথাটো সকলোৱে ভাবি চাওক,তাকেই অনুৰোধ কৰিছো”।

ইফালে ঔপন্যাসিক ৰীতা চৌধুৰীয়েও এই দাবী কৰিছে। তেওঁ জুবিনৰ টক্সিক’লজী পৰীক্ষা, মৰণোত্তৰ পৰীক্ষাৰ দাবী জনাই মুখ্যমন্ত্ৰীক ইয়াৰ বাবে অনুৰোধ জনাইছে।

ইয়াৰোপৰি সাধাৰণ  জনতাইও জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছে-

Zubeen

ফেচবুক পোষ্ট

ইয়াত মাত্ৰ কেইটামান উদাহৰণ দিয়া হৈছে। কিন্তু বহু অনুৰাগী, বিশিষ্ট লোকে অসমত জুবিনৰ মৰণোত্তৰ পৰীক্ষা হোৱা বিচাৰিছে। কিয়নো সময়ৰ লগে  লগে জুবিনৰ মৃত্যুক লৈ ন ন অভিযোগ উত্থাপন হৈ আহিছে। তথ্য অনুসৰি জুবিনৰ পানীত ডুবি মৃত্যু হৈছে। জুবিনৰ সৈতে একেলগে থকা শেখৰ গোস্বামীয়ে কৈছে সাঁতোৰাৰ পাছত জুবিনৰ নাকে মুখে পানী ওলাই আহিছিল। পাছত বমি হৈছিল। হাত ভৰি নীলা পৰি গৈছিল। যাৰ বাবে এতিয়া এই মৃত্যু আৰু অধিক ৰহস্যজনক হৈ পৰিছে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ অসম প্ৰায় স্তব্ধ হৈ পৰিছে। এই মৃত্যুত নাম সাঙোৰ খাইছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামীকে ধৰি বিভিন্নজনৰ। যাৰ বাবে এতিয়া বহুতে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ Zubeen garg: পিতৃৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ, সুবিধাৰ বাবে আছিল লিফ্টৰ ব্যৱস্থা…পিছে সকলো এৰি গুচি গ’ল জুবিন