শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ইংৰাজী-অসমীয়া দুয়োটা ভাষাতে হ’ব APSC পৰীক্ষা

এইপৰ্যন্ত অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী-অসমীয়া দুয়োটা ভাষাত আছিল। এতিয়া প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকতো অসমীয়া ভাষাত থাকিব। অৱশ্যে ‘Comprehension’ অংশৰ অনুবাদ সম্ভৱপৰ নহয় বাবে এই অংশ ইংৰাজীত থাকিব।

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ইংৰাজী-অসমীয়া দুয়োটা ভাষাতে হ’ব APSC পৰীক্ষা
হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Updated On: 22 Sep 2025 12:20 PM

অসম-অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিৰহৰ মাজতে ৰাজ্যবাসীৰ বাব এক গুৰুত্বপূৰ্ণ খবৰ। দেওবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি অসম লোকসেৱা আয়োগে এতিয়া ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিব। অসম কেবিনেটে প্ৰধানতঃ গ্ৰাম্য অঞ্চলৰ প্ৰাৰ্থী তথা স্থানীয় ভাষাৰ মাধ্যমত অধ্যয়ন কৰা প্ৰাৰ্থীয়ে ভাষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধা দূৰ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্তত অনুমোদন জনাইছে।

কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত কাটিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইপৰ্যন্ত অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী-অসমীয়া দুয়োটা ভাষাত আছিল।

এতিয়া প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকতো অসমীয়া ভাষাত থাকিব। অৱশ্যে ‘Comprehension’ অংশৰ অনুবাদ সম্ভৱপৰ নহয় বাবে এই অংশ ইংৰাজীত থাকিব। ইয়াৰ বাদে প্ৰশ্নকাকতৰ আন অংশ ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো থাকিব। এইদৰে প্ৰশ্নকাকতৰ প্ৰায় ৮০ শতাংশ অসমীয়া ভাষাত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

স্বাভাৱিকতেই এই সিদ্ধান্তৰ জৰিয়তে ভাষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা পৰীক্ষাৰ্থীসকলৰ শংকা দূৰ কৰিব। বিশেষকৈ স্থানীয় ভাষাৰ মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা পৰীক্ষাৰ্থীসকলে ইংৰাজী ভাষাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হয়। গ্ৰামাঞ্চলৰ অধিকাংশ পৰীক্ষাৰ্থীৰ মাজতো এনে কিছু প্ৰত্যাহ্বান দেখা যায়।

এতিয়া কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনোৱাৰ পিছত অসম লোকসেৱা আয়োগত এই পৰীক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া লোকসেৱা আয়োগৰ পৰীক্ষাত নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱ দেখা যাব।