খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ

21 Sept 2025

TV9 ASSAM

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ ৫০০ টাতকৈ অধিক কাম কৰে। ই পাচন প্ৰক্ৰিয়াত সহায় কৰাৰ পৰা শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰালৈ সকলো কাম কৰে।

যকৃত

আমেৰিকাৰ হেলথ এজেন্সি ক্লিবলেণ্ডৰ তথ্য অনুসৰি, যকৃতৰ গুৰুতৰ ৰূপে বেমাৰ হোৱাৰ ৪টা পৰ্যায় থাকে। ইয়াৰ ভিতৰত হেপাটাইটিছ, ফাইব্ৰোছিচ, ছিৰোছিজ আৰু যকৃত বিকল।

তথ্য়

যেতিয়া যকৃতৰ সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক সাধাৰণ  বুলি আওকান কৰি চলে। গতিকে এই সাধাৰণ লক্ষণবোৰ জনা দৰকাৰ।

লক্ষণ

আমেৰিকাৰ হেলথ এজেন্সি ক্লীবলেণ্ডৰ তথ্য অনুসৰি, বমি অহা ভোক নলগা আদি যকৃতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। যদি বাৰে বাৰে এনে হয় তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বমি, ভোক নলগা

যদি ব্যক্তিৰ প্ৰস্ৰাৱৰ ৰং সলনি, দুৰ্গন্ধি আদি হয় তেন্তে ই যকৃতৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা এনে হোৱা সাধাৰণ কথা কিন্তু দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

প্ৰস্ৰাৱৰ ৰং সলনি

ছালত বাৰে বাৰে খজুৱতি হৈ থকাও যকৃতৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা এলাৰ্জিৰ বাবে এনে হব পাৰে। কিন্তু দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিল ইয়াক সহজভাৱে ল'ব নালাগে।

খজুৱতি

যকৃতৰ সমস্যা হ'লে ব্যক্তিৰ হেপেটিক এন্সেফলোপেথি হ'ব পাৰে।  এনে অৱস্থাত বিভ্ৰান্তি, স্মৃতিশক্তিত সমস্যা, মনোযোগৰ সমস্যা আদি হব পাৰে। তেজত বেয়া পদাৰ্থ জমা হ'লে এনে হয়।

বিভ্ৰান্তি

পঢ়িবলৈ ক্লিক কৰক 

জুবিন গাৰ্গ