জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰ পৰা শ্যামকানু মহন্তৰ প্ৰতিক্ৰিয়ালৈ, দিনটোৰ শীৰ্ষ খবৰ
যোৱা নিশা ছিংগাপুৰৰ পৰা দিল্লীলৈ আৰু তাৰ পৰা অসমলৈ অনা হয় জুবিন গাৰ্গৰ নিঠৰ দেহ। পুৱা বৰঝাৰৰ পৰা জুবিন গাৰ্গক পোনে পোনে কাহিলীপাৰাৰা ঘৰলৈ অনা হয় আৰু তাৰ পিছতে সৰুসজাইলৈ অনা হয়।
অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গ এতিয়া নীৰৱে শুই আছে সৰুসজাইত। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ ওলাই আহিছে লক্ষ লক্ষ জনতা। যোৱা নিশা ছিংগাপুৰৰ পৰা দিল্লীলৈ আৰু তাৰ পৰা অসমলৈ অনা হয় জুবিন গাৰ্গৰ নিঠৰ দেহ। পুৱা বৰঝাৰৰ পৰা জুবিন গাৰ্গক পোনে পোনে কাহিলীপাৰাৰা ঘৰলৈ অনা হয় আৰু তাৰ পিছতে সৰুসজাইলৈ অনা হয়। ইফালে অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি সৰুসজাই ষ্টেডিয়াম আজি ওৰে নিশা খোলা ৰখা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
সোমবাৰৰ পৰা দেশত নতুন জি এছ টি কাৰ্যকৰী হ’ব। ইয়াৰ প্ৰাক ক্ষণত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈৰ পৰা GST সঞ্চয় মহোৎসৱ আৰম্ভ হ’ব বুলি উল্লেখ কৰি এই GST সঞ্চয় উৎসৱে দেশবাসীৰ সঞ্চয় বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত মানুহে প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব পাৰিব বুলি মন্তব্য কৰে।