পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান! এই দিনটোত পুনৰ হ’ব পাৰে ২২ গজৰ যুঁজ, চাওক সমীকৰণ
এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বেই এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ তিনিখন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছিল। ইয়াৰে দুখন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। এতিয়া চলিত এই প্ৰতিযোগিতাখনত ভাৰত আৰু পাকিস্তানৰ আন এখন মেচ অনুষ্ঠিত হোৱাৰো সম্ভাৱনা দেখা গৈছে।

বহু বাদ–বিবাদ বিতৰ্কৰ অন্তত চলিত এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নামিছিল ভাৰতীয় ক্ৰিকেট দল। যোৱা ১৪ ছেপ্টেম্বৰত দুয়োটা দলৰ মাজত অনুষ্ঠিত হৈছিল বহুচৰ্চিত গ্ৰুপ মেচ। উক্ত মেচখনত ভাৰতীয় দলে পাকিস্তানক সহজেই ৭ উইকেটত পৰাস্ত কৰিছিল। ইয়াৰ পিছত কালি পুনৰ ছুপাৰ–৪ পৰ্যায়ত পুনৰ ভাৰতীয় দল পাকিস্তানৰ মুখামুখি হয়। এই মেচখনতো আশা কৰাৰ দৰেই ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। এইদৰে পাকিস্তানৰ বিৰুদ্ধে আধিপত্য অব্যাহত ৰাখে সূৰ্য বাহিনীয়ে।
লক্ষণীয়ভাৱে এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বেই এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ তিনিখন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছিল। ইয়াৰে দুখন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। এতিয়া চলিত এই প্ৰতিযোগিতাখনত ভাৰত আৰু পাকিস্তানৰ আন এখন মেচ অনুষ্ঠিত হোৱাৰো সম্ভাৱনা দেখা গৈছে।
এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ এই তৃতীয় মেচখন হ’ব পাৰে প্ৰতিযোগিতাৰ ফাইনেল। চলিত এই প্ৰতিযোগিতাৰ ফৰ্মেট অনুসৰি ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এইক্ষেত্ৰত লক্ষণীয় হ’ব ছুপাৰ–৪ পৰ্যায়ত দুয়োটা দলৰ প্ৰদৰ্শন।
ভাৰত আৰু পাকিস্তান দুয়োটা দলেই এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে। এইপৰ্যন্ত ছুপাৰ-৪ পৰ্যায়ত পইণ্ট তালিকাত ভাৰতে প্ৰথমখন মেচত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি শীৰ্ষস্থানত আৰোহণ কৰিছে। এখন মেচত জয়েৰে ভাৰতে ২ পইণ্ট সংগ্ৰহ কৰিছে, দলৰ ৰান ৰেট ০.৬৮৯।
ইফালে ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত পাকিস্তানে -০.৬৮৯ ৰান ৰেটেৰে ছুপাৰ-৪ পইণ্ট তালিকাৰ অন্তিম স্থানত আছে। ছুপাৰ–৪ পৰ্যায়ত ১ খনকৈ মেচ খেলাৰ পিছত দ্বিতীয় স্থানত আছে বাংলাদেশ, তৃতীয় স্থানত আছে শ্ৰীলংকা। প্ৰতিযোগিতাত ধাৰাবাহিকতা দেখুওৱা ভাৰতৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে ফাইনেলৰ পথ প্ৰায় নিশ্চিত বুলিব পাৰি।
আনহাতে পাকিস্তানে এতিয়া ফাইনেলৰ সম্ভাৱনা জীয়াই ৰাখিবলৈ হ’লে পৰৱৰ্তী দুয়োখন মেচত জয়ী হ’ব লাগিব। যদি এই দুয়োখন মেচত পাকিস্তানে জয়লাভ কৰে, তেতিয়া ২৮ ছেপ্টেম্বৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰত আৰু পাকিস্তানে মুখামুখি হোৱাটো নিশ্চিত হ’ব। অৱশ্যে প্ৰথমখন মেচত জয়েৰে পাকিস্তানৰ সমুখত এইক্ষেত্ৰত কিছু শংকাৰ সৃষ্টি কৰিছে বাংলাদেশে।