২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…কাছাৰ আৰক্ষীৰ অভিযানক প্ৰশাংসা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে জনাইছে যে, কাছাৰ জিলাত দুখন বাহন আটক কৰি অসম আৰক্ষীয়ে ৫জন সন্দেহযুক্ত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। কাছাৰ আৰক্ষীয়ে সুনাবাৰীঘাট বাইপাছত চলাইছিল এই অভিযান।
ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অভ্যাহত ৰাখিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ চলোৱা এক অভিযানত ৫ জন সন্দেহযুক্ত সৰবৰাহৰকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ কোটি টকা হেৰ’ইন জব্দ আৰক্ষীৰ। ইফালে, ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা দুখন বাহন জব্দ কৰিছে আৰক্ষীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে জনাইছে যে, কাছাৰ জিলাত দুখন বাহন আটক কৰি অসম আৰক্ষীয়ে ৫জন সন্দেহযুক্ত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। কাছাৰ আৰক্ষীয়ে সুনাবাৰীঘাট বাইপাছত চলাইছিল এই অভিযান। অভিযানৰ সময়ত প্ৰথমে দুখন বাহন ৰখোৱা হয় আৰু তাৰ পাছত তালাচীত এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে।
Fast rides, short run 🚨@Cacharpolice intercepted two vehicles at Sunabarighat Bypass, seized 406 g of heroin worth ₹2 crore and arrested 5 peddlers. Drug routes in Assam don’t lead far, they end here!
Kudos to @assampolice#AssamAgainstDrugs pic.twitter.com/FzTOzSZBGV
— Himanta Biswa Sarma (@himantabiswa) January 5, 2026
তেওঁ এক্স হেণ্ডেলৰ এটা পোষ্টত লিখিছে, “কাছাৰ আৰক্ষীয়ে সুনাবাৰীঘাট বাইপাছত দুখন বাহন আটক কৰি ২ কোটি টকাৰ ৪০৬ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে পাঁচজন বেপাৰীক গ্ৰেপ্তাৰ কৰে।” তেওঁ লগতে অসমত ড্ৰাগছ সৰবৰাহ কৰাটো ইমান সহজ নহয় বুলি উল্লেখ কৰে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ উৎস আৰু গন্তব্যস্থান জানিবলৈ অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জনায়।
দেখা গৈছে যে, অসম আৰক্ষীয়ে প্ৰায়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে। প্ৰত্যেক দিনে ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আহিছে আৰক্ষীয়ে। যিবোৰ অভিযানৰ তথ্য মাজে মাজে সামাজিক মাধ্য়মৰ জৰিয়তে শ্বেয়াৰ কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। তেওঁ শ্বেয়াৰ কৰা তথ্যলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে, মহানগৰীৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰা ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ ঘটনা সৰ্বাধিক পোহৰলৈ আহিছে।