শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mulank: এই তাৰিখত জন্ম লাভ কৰা লোকে দেৰিকৈ লাভ কৰে সফলতা…

Mulank: সকলোৰে জীৱন বেলেগ বেলেগ। সকলোৰে সফলতাৰ ৰাস্তাও বেলেগ বেলেগ। কিছুমানে সহজে সফলতা লাভ কৰে আৰু কিছুমানৰ পলম হয়। এই ক্ষেত্ৰত কিছুমান তাৰিখত জন্ম লাভ কৰা লোক আছে যিয়ে দেৰিকৈ সফলতা লাভ কৰে।

Mulank: এই তাৰিখত জন্ম লাভ কৰা লোকে দেৰিকৈ লাভ কৰে সফলতা…
মূলাংকImage Credit source: Freepik
Barasha Sarma
Barasha Sarma | Published: 07 Jan 2026 21:11 PM

হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ দৰে অংক শাস্ত্ৰৰো বিশেষ গুৰুত্ব আছে। অংক শাস্ত্ৰত এজন ব্যক্তিৰ জন্ম তাৰিখে তেওঁৰ ব্যক্তিত্ব, ভৱিষ্যতৰ বিষয়ে বহু কথা ক’ব পাৰে। কিছুমান তাৰিখত জন্ম লাভ কৰা লোক অধিক পৰিশ্ৰমী হয় আৰু সফলতা লাভ কৰাত পলম হয়। ইফালে কিছুমানে প্ৰত্যাহ্বান কম পাই যদিও সহজে সফলতা লাভ কৰে। গতিকে আজি এই লেখাটোত উল্লেখ কৰিম যে অংক শাস্ত্ৰ মতে কোনটো তাৰিখত জন্ম লাভ কৰা লোক অধিক পৰিশ্ৰমী কিন্তু সফলতা দেৰিকৈ লাভ কৰে।

মূলাংক ৮

মূলাংক হ’ল আপোনাৰ জন্ম তাৰিখ যোগ কৰি লাভ কৰা একক সংখ্যা। অংক শাস্ত্ৰ মতে, মূলাংক ৮ (Mulank 8) ৰ লোকসকলে জীৱনত যথেষ্ঠ পৰিশ্ৰম কৰিবলগীয়া হয় কিন্তু সফলতা দেৰিকৈ আহে। এই সংখ্যা ন্যায়ৰ দেৱতা আৰু কৰ্মদাতা শনিৰ বুলি বিশ্বাস কৰা হয়। যাৰ জন্ম মাহৰ ৮, ১৭ আৰু ২৬ তাৰিখত হৈছে সেইসকলৰ মূলাংক ৮। কোৱা হয়, মূলাংক ৮ ৰ লোকসকলে সফলতা পাবলৈ প্ৰায় ৪০ বছৰ অপেক্ষা কৰিব লাগে। এনে লোকে দেৰিকৈ সফলতা লাভ কৰে।

সংগ্ৰাম

৮ নম্বৰৰ মানুহবোৰ অনুশাসিত, কঠোৰ পৰিশ্ৰমী, সৎ আৰু ন্যায়পৰায়ণ। এনে লোকে আনক বহু সহায় কৰে। যাৰ বাবে এনে লোকে জীৱনত বহু সন্মান লাভ কৰে। এই সংখ্যা শনি দেৱৰ, গতিকে শনিয়ে সংগ্ৰামেৰে ভৰা জীৱন এটা দিয়ে আৰু এনে লোক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য হয়। যাৰ বাবে সফলতা দেৰিকৈ লাভ কৰে। কিন্তু কোৱা হয়, এবাৰ যেতিয়া এনে লোকৰ ভাগ্যৰ চকা ঘূৰে তেন্তে ৰখোৱা টান। এনে লোকে পলমকৈ হ’লেও কষ্টৰ ফল লাভ কৰে। যাৰ বাবে পাছলৈ ধনী হৈ ৰজাৰ দৰে জীৱন কটায়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ আপোনাৰ শৰীৰৰ এই অংশত আছে নেকি তিল? তেন্তে হ’ব ধনবান, লাভ কৰিব কেৰিয়াৰত উন্নতি…