২৬ৰ ৰণনীতি সন্দৰ্ভত হ’ব আলোচনা ! আজি অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা…
গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা। ২৬ ৰ পূৰ্বে এই বৈঠক কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

আজি গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা। বৈঠকত সভাপতি গৌৰৱ গগৈ,অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিকাশ উপাধ্যায়, কংগ্ৰেছৰ সকলো সাংসদ, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ সকলো বিধায়ক,দলৰ বিষয়ববীয়া উপস্থিত আছে। ২৬ ৰ পূৰ্বে এই সভা কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
জানিব পৰা মতে, এই বৈঠকত ২০২৬ ৰ নিৰ্বাচনৰ বাবে কেনেদৰে দলটো আগবঢ়োৱাব, কেনেধৰণৰ ৰণ কৌশল দলটোৱে গ্ৰহণ কৰিব তাকলৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। একে সময়তে সাংগঠিনক দিশত ৰাইজে দিয়া পৰামৰ্শ দলৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক অৱগত কৰা হ’ব।
এই সভাৰ সন্দৰ্ভত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে কয় যে, জিতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবেদন ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে জনাব। কিছুদিন পাছত AICC ৰ বহু নেতাই অসম ভ্ৰমণ কৰিব বুলি কয় গৌৰৱ গগৈয়ে। তেওঁ কয় যে, নেতাসকলে অসমৰ ৰাইজৰ লগত মত বিনিময় কৰিব।
একে সময়তে পুনৰ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ লগতে প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰাৰ কথা সদৰী কৰে গৌৰৱ গগৈয়ে। তেওঁ কয় যে, প্ৰিয়ংকা গান্ধীয়ে ধুবুৰী ভ্ৰমণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে।
ইফালে গৌৰৱ গগৈয়ে কয়,”বিজেপিয়ে ৰাজ্যত যি অত্যাচাৰ চলাই আহিছে তাৰ প্ৰত্যুত্তৰ ২০২৬ ত দিব ৰাইজে। কংগ্ৰেছ মানেই সাহস, সেই সাহস লৈয়ে আমি আগবাঢ়িম। আজি সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ। এই সভাত আগন্তুক ৰণনীতি প্ৰস্তুত কৰা হ’ব।”
“ভোটাৰ তালিকাক লৈ বহু অভিযোগ উঠিছে। আমি সদনত ইয়াৰ আলোচনা বিচাৰিছো। নিৰ্বাচন আয়োগে বহু কথা লুকুৱাব বিচাৰিছে।” ভোটাৰ তালিকাৰ সন্দৰ্ভত এইদৰে কয় গৌৰৱ গগৈয়ে।