শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

আজি ৩ আগষ্ট দেওবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
barasha-misra
Barasha Misra | Updated On: 03 Aug 2025 07:50 AM

আজি ৩ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি বন্ধুত্ব দিৱস। ভাৰতত সকলোৱে উদযাপন কৰিব বন্ধুত্ব দিৱস। বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে। এই দিনটোত বন্ধু-বান্ধৱীৰ প্ৰতি মৰম, বিশ্বাস আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে।
  2. ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ১৭০০ৰো অধিক ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে, যিটো বাইডেন প্ৰশাসনৰ তুলনাত তিনিগুণতকৈও অধিক। এই বিতাড়ন প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে, প্ৰতিদিনে প্ৰায় আঠজন ভাৰতীয়ক দেশৰ বাহিৰলৈ পঠিওৱা হৈছে।
  3. বিটিআৰত নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলড’জাৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
  4. বিজেপিৰ সৈতে নহ’ল, বিপিএফৰ বাবে মিত্ৰতাৰ দুৱাৰ খুলি ৰাখিছে ইউপিপিএলে! যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিনাচৰ্তে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে, তেতিয়া এই বিষয়ত নিশ্চিতভাৱে আলোচনা হ’ব বুলি উৰ্খাও গৌৰা ব্ৰহ্মই মন্তব্য কৰে।
  5. সোণাপুৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। বিগত প্ৰায় এবছৰ ধৰি অতি গোপনে কমাৰকুছিৰ এই সংৰক্ষিত ভূমিত ৰিজ’ৰ্টখনৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছিল বুলি জানিব পৰা গৈছে। ইফালে ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী অৰূপ কুমাৰ দাসে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এনে পদক্ষেপ লোৱা বুলি দাবী কৰিছে।
  6. শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি মালয়েছিয়ান আৰ্মড ফ’ৰ্চৰ বিপক্ষে ডুৰাণ্ড কাপ ২০২৫ত প্ৰথমখন মেচ খেলিব নৰ্থইষ্ট ইউনাইটেডে। মেচখনত দলক উৎসাহ যোগোৱাৰ বাবে গুৱাহাটীলৈ আহিছে স্বত্বাধিকাৰী জন আব্ৰাহাম।
  7. ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শাস্তিমূলক শুল্ক আৰু বাৰে বাৰে কৰি অহা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ট্ৰাম্পে বাৰম্বাৰ সকীয়নি দিলেও ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ৰপ্তানি যে ভাৰতে বন্ধ নকৰে সেয়া স্পষ্ট হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ বক্তব্যত।
  8. বিপদত অনিল আম্বানী!ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত ৩ দিনত ৫০ টাতকৈও অধিক স্থানত তালাচী চলোৱা হয়। অনিল আম্বানী গ্ৰুপ অৱ কোম্পানীৰ কেইবাজনো কাৰ্যবাহীকে ধৰি ২৫জন লোকৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলায়।
  9. কংগ্ৰেছ দল আৰু ইয়াৰ সদস্যসকলে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ভাৰতে ধ্বংস কৰি পেলোৱা কথাটো হজম কৰিব পৰা নাই। কংগ্ৰেছে অপাৰেচন সেন্দূৰক তামাছা বুলি অভিহিত কৰিছে, বাস্তৱত সন্ত্ৰাসবাদীৰ অৱস্থা দেখি কংগ্ৰেছে কান্দিছে। প্ৰধানমন্ত্ৰীৰ অভিযোগ।