শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মই কথা দিব পাৰোঁ, এই প্ৰাপ্তি মুঠেও শেষ নহয়... ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি কিং খানৰ প্ৰতিক্ৰিয়া

“মই কথা দিব পাৰোঁ, এই প্ৰাপ্তি মুঠেও শেষ নহয়…” ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি কিং খানৰ প্ৰতিক্ৰিয়া

raj-saikia
Raj Saikia | Published: 02 Aug 2025 20:01 PM

জৱান ছবিত কৰা অভিনয়ৰ বাবে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ শ্বাহৰুখ খানৰ। তাৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিং খানে।

ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ বিজয়ীৰ নাম। লগে লগেই নেট নাগৰিকৰ মাজত লাগে তোলপাৰ। কোনোৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট, কোনোৱে ফটো, কোনোৱে ষ্টেটাছত লগালে মানুহজনৰ ছবি। সুদীৰ্ঘ ৩৩ বছৰৰ অপেক্ষা, ৩৩ বছৰৰ পাচত বাদশ্বাহে জিনিলে খিতাপ। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ শ্বাহৰুখ খানক।

এই ঘোষণাৰ পাচতেই সামাজিক মাধ্যমত দেধাৰ পোষ্ট কিং খানৰ অনুৰাগীৰ। নেট দুনিয়াত অনুৰাগীৰ উল্লাস, অভিবাদন নজনোৱাকৈ কেনেকৈ থাকে শ্বাহৰুখে? এই ঘোষণাৰ কিছু সময়ৰ পাছতেই নেট দুনিয়ালৈ আহিল বাদশ্বাহ। এই সন্মানৰ বাবে সকলোকে জনালে কৃতজ্ঞতা।

এয়া অভিনয় জীৱনৰ অন্যতম সাফল্য বাদশ্বাহৰ বাবে। সেয়ে অসুস্থ অৱস্থাৰেই সকলোৰে সমুখলৈ আহিল তেওঁ। হাতত আৰু কঁকালত বেল্ট। কিছুদিন পূৰ্বে আঘাতৰ বাবে চিকিৎসাধীন হৈছিল শ্বাহৰুখ। বৰ্তমান আৰাম কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে। কিন্তু এই খবৰ পোৱাৰ পাছত অনুৰাগীৰ সমুখলৈ নহাকৈ থাকিব নোৱাৰিলে কিং খান। এই প্ৰাপ্তিৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শ্বাহৰুখ খানে।