বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, মুখ্যমন্ত্ৰীয়ে ক’লে…
মুখ্যমন্ত্ৰীয়ে কয়, মই বিশ্বাস কৰো আমাৰ বিটিআৰত তেতিয়ালৈ শান্তি আৰু স্থায়ী শান্তি হ'ব নোৱাৰে, যেতিয়ালৈ সকলো জাতিক আমি সমান চকুৰে চাব নোৱাৰো। সেয়ে আমি বিটিআৰত এনে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছো, যাতে সকলো ৰাজনৈতিক দলে সকলো ৰাইজ সমান চকুৰে চাবলৈ শিকে।"
২ আগষ্ট, শনিবাৰে ওদালগুৰিৰ মুদৈবাৰীত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত দলটোৰ দৃঢ় স্থিতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে বিজেপিয়ে কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে আৰু সমগ্ৰ অঞ্চলটোৰ ৪০টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা তীব্ৰভাৱে বিবেচনা কৰি আছে।
তেওঁ কয়, মই বিশ্বাস কৰো আমাৰ বিটিআৰত তেতিয়ালৈ শান্তি আৰু স্থায়ী শান্তি হ’ব নোৱাৰে, যেতিয়ালৈ সকলো জাতিক আমি সমান চকুৰে চাব নোৱাৰো। সেয়ে আমি বিটিআৰত এনে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছো, যাতে সকলো ৰাজনৈতিক দলে সকলো ৰাইজ সমান চকুৰে চাবলৈ শিকে।” লগতে আঞ্চলিক দলসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতাৰ ধাৰণা দূৰ কৰি ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে, “আমি ইউপিপিএল বা বিপিএফক আমাৰ শত্ৰু বুলি গণ্য নকৰো।কিন্তু এইবাৰ বিটিআৰ নিৰ্বাচনক অতি গুৰুত্বসহকাৰে লৈ বিজেপিয়ে নিজৰ শক্তিৰে আগবাঢ়ি যাব।”