LIC Bima Sakhi Yojana : প্ৰতিমাহে মহিলাসকলে পাব ৭০০০ টকা, এই আঁচনিৰ সুবিধা কেনেকৈ লাভ কৰিব?
দেশৰ বৃহৎ বীমা কোম্পানী LIC ৰ এই আঁচনিখন বিশেষকৈ সেইসকল মহিলাৰ বাবে যিসকলে প্ৰতিমাহে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিবলগীয়া হয়। এই আঁচনিৰ সুবিধা কেনেকৈ পাব জানক।

ভাৰতীয় জীৱন বীমা নিগমে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে এক বিশেষ আঁচনি এল আই চি বীমা সখী যোজনা( LIC Bima Sakhi Yojana) আৰম্ভ কৰিছে। দেশৰ বৃহৎ বীমা কোম্পানী LIC ৰ এই আঁচনিখন বিশেষকৈ সেইসকল মহিলাৰ বাবে যিসকলে প্ৰতিমাহে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিবলগীয়া হয়। এই আঁচনিৰ অধীনত মহিলাসকলে কেৱল LIC ৰ এজেণ্ট হৈ উপাৰ্জন কৰাই নহয়, বীমাৰ বিষয়েও মানুহক সজাগ কৰি তুলিব।
বীমা সখী যোজনাৰ লক্ষ্য হৈছে মহিলাসকলক LIC ৰ এজেণ্ট হিচাপে নিযুক্তি দি তেওঁলোকক সম্পূৰ্ণ প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় দক্ষতা বিকাশ কৰা। প্ৰশিক্ষণৰ অন্তত এই মহিলাসকলে গাওঁ-নগৰৰ মানুহক বীমা আঁচনিৰ সুবিধাসমূহৰ বিষয়ে বুজাব। এগৰাকী সফল এজেণ্ট হ’বলৈ মহিলাসকলক আৰ্থিক সাহায্য আৰু প্ৰচাৰ সামগ্ৰীও দিয়া হ’ব যাতে তেওঁলোকে অধিক সংখ্যক লোকৰ কাষ চাপিব পাৰে।
এই আঁচনিৰ বিশেষ কথাটো হ’ল নিৰ্বাচিত মহিলা এজেণ্টসকলে প্ৰথম তিনিবছৰৰ বাবে প্ৰতিমাহে ভাট্টা লাভ কৰিব। প্ৰথম বছৰত তেওঁলোকক প্ৰতিমাহে ৭ হাজাৰ টকা দিয়া হ’ব। দ্বিতীয় বছৰত এই ধনৰাশি প্ৰতিমাহে ৬,০০০ টকালৈ হ্ৰাস পাব, কিন্তু ইয়াৰ বাবে চৰ্ত হ’ল প্ৰথম বছৰত আৰম্ভ হোৱা মুঠ পলিচিৰ অন্ততঃ ৬৫ শতাংশ পলিচি দ্বিতীয় বছৰতো চলি থাকিব লাগিব।
এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদন কৰা মহিলাসকলৰ বয়স ১৮ৰ পৰা ৭০ বছৰৰ ভিতৰত হ’ব লাগিব আৰু নূন্যতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। কিন্তু এল আই চিৰ বৰ্তমানৰ এজেণ্ট বা কৰ্মচাৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ আত্মীয়সকল এই আঁচনিৰ বাবে যোগ্য নহয়। আত্মীয়ৰ ভিতৰত আছে স্বামী-স্ত্ৰী, পিতৃ-মাতৃ, সন্তান, ভাই-ভনী আৰু শহুৰেক। একেদৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু প্ৰাক্তন এজেণ্টকো এই আঁচনিৰ অধীনত পুনৰ নিযুক্তি দিয়া নহয়।
এইদৰে এল আই চি বিমা সখী যোজনাই মহিলাসকলক উপাৰ্জনৰ উৎস প্ৰদান কৰাই নহয়, তেওঁলোকৰ অঞ্চলত তেওঁলোকক সামাজিকভাৱে সবল কৰি তুলিব।