পুনৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া, আকৌ আহিব নেকি ছুনামী?
ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প। সংস্থাটোৱে প্ৰথমে ভূমিকম্পৰ প্ৰাবল্য ৬.৩৫ বুলি অনুমান কৰিছিল আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত থকা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ বিশাল ভূমিকম্পৰ সৃষ্টি হৈছিল।

আকৌ এবাৰ ভূমিকম্পই কঁপালে ৰাছিয়া। জাৰ্মান জিঅ’ছায়েন্স ৰিচাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জত ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। সংস্থাটোৱে প্ৰথমে ভূমিকম্পৰ প্ৰাবল্য ৬.৩৫ বুলি অনুমান কৰিছিল আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত থকা বুলি জানিব পৰা গৈছে।
আমেৰিকাৰ ভূ-বিজ্ঞান সমীক্ষাই জনোৱা মতে, ভূমিকম্পৰ প্ৰাবল্য ৭। পেচিফিক ছুনামী সতৰ্কবাণী ব্যৱস্থাইও ভূমিকম্পৰ প্ৰাবল্য ৭.০ বুলি অনুমান কৰিছে। পেচিফিক ছুনামী সতৰ্কবাণী ব্যৱস্থাই জনোৱা মতে, ভূমিকম্পৰ পিছত কোনো ধৰণৰ ছুনামী সতৰ্কবাণী জাৰি কৰা হোৱা নাই। কিন্তু যোৱা বুধবাৰৰ পৰা ৰাছিয়াই বৃহৎ ভূমিকম্পৰ অহৰহ ভাবুকিৰ সন্মুখীন হৈ আহিছে আৰু জৰুৰীকালীন বিভাগে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।
উল্লেখ্য যে, বুধবাৰে ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ ৰিখটাৰ স্কেলৰ এক বৃহৎ ভূমিকম্পৰ ফলত প্ৰশান্ত মহাসাগৰত ছুনামীৰ ঢৌৰ সৃষ্টি হয়। যাৰ বাবে জাপানৰ পৰা হাৱাই আৰু চিলিলৈ আতংক বিয়পি পৰিছে। পানীত বুৰ গৈছে ৰাছিয়াৰ বন্দৰ চহৰসমূহ , লাখ লাখ লোকক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু ভূমিকম্পৰ পিছত অলপতে আগ্নেয়গিৰি বিস্ফোৰণো ঘটিছিল।
Tsunami Warning Centre, @ESSO_INCOIS detected an #earthquake of M 6.5 on 03 August 2025 at 11:07 IST @ Kuril Islands (Location: 50.66 N, 157.89 E)
NO TSUNAMI THREAT to India in connection with this earthquake.
Details at https://t.co/YJ3rTlWcTf pic.twitter.com/9Ht1bTSRB2— INCOIS, MoES (@ESSO_INCOIS) August 3, 2025
এই ভূমিকম্পক ইতিহাসত লিপিবদ্ধ হোৱা অন্যতম শক্তিশালী ভূমিকম্প বুলি গণ্য কৰা হৈছে, তেতিয়াৰ পৰাই ৰাছিয়াত ব্যাপক সতৰ্কবাণী জাৰি কৰা হৈছে। বিজ্ঞানীসকলে সম্ভাৱ্য আফটাৰশ্ব’কৰ বিষয়ে সকীয়াই দিছে আৰু সাৱধান হ’বলৈ আহ্বান জনাইছে। শেহতীয়াকৈ কুলিৰত হোৱা ভূমিকম্পই এই চিন্তা আৰু অধিক বৃদ্ধি কৰিছে।
কামচাটকাতো আগ্নেয়গিৰি বিস্ফোৰণ
দেওবাৰে দেশৰ জৰুৰীকালীন বিভাগে অৱগত কৰে যে প্ৰায় ৬০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কামচাটকা আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিছে। ফুটেজত দূৰৰ পৰা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে। বহু বিশেষজ্ঞৰ মতে এই ভূমিকম্পটো এটা ভয়াৱহ আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত সংঘটিত হৈছে।