শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাহিত্যিক ড° নগেন শইকীয়াৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বুজ ল’লে স্বাস্থ্যৰ

আজি প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। লগতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে।

trishna-kalita
Trishna Kalita | Published: 02 Aug 2025 23:11 PM
বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছে প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক ড° নগেন শইকীয়া। কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক।

1 / 5
বৰ্তমান কিছু সুস্থ হোৱাত বাসগৃহলৈ নিয়া হৈছে তেওঁক। আজি প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

2 / 5
বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়  কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। লগতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ আৰু আশীৰ্বাদ  গ্ৰহণ কৰে।  ড° নগেন শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সোণোৱালে।

3 / 5
তেওঁ কয়, "ড° নগেন শইকীয়া ছাৰৰ জীৱনাদৰ্শ আৰু অমূল্য কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। আজি ছাৰৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লওঁ আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰোঁ।"

4 / 5
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়, "ছাৰৰ আশীৰ্বাদ আৰু বহুমূলীয়া দিহা-পৰামৰ্শই আমাক অনুপ্ৰাণিত কৰিলে। ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।"

5 / 5