বৃহৎ গাঞ্জা সৰবৰাহৰ প্রচেষ্টা বিফল, আৰক্ষীৰ জালত প্ৰাক্তন NDFB ৰ সদস্য…
আৰক্ষীৰ অভিযানত ৩০ কেজি গাঞ্জা জব্দ। ইয়াৰ লগতে আটক কৰা হৈছে এজন লোকক। আটক কৰা লোকজন প্ৰাক্তন NDFB ৰ সদস্য বুলি জানিব পৰা গৈছে।

আহি আছে ১৫ আগষ্ট। দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে অধিক সতৰ্ক হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাইছে নিয়মীয়াকৈ তালাচী অভিযান। বিশেষকৈ ১৫ আগষ্টৰ পূৰ্বে সকলো সম্ভাৱ্য কূটাঘাত ৰোধ কৰিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে।
ইয়াৰ অংশ হিচাপে চলোৱা এক তালাচী অভিযানত এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। খবৰ অনুসৰি ব্যক্তিজন NDFBৰ প্ৰাক্তন সদস্য বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে আটক কৰা ব্যক্তিজনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, বিশেষ সূত্ৰৰ তথ্য ভিত্তিত গড়চুক আৰক্ষীয়ে এটা দল গঠন কৰি চলাইছিল এই অভিযান। সূত্ৰৰ পৰা AS01-ES-9991 নম্বৰৰ এখন চুইফ বাহন গাঞ্জা সৰবৰাহৰ বাবে গুৱাহাটী অভিমুখে আহি থকা বুলি খবৰ লাভ কৰিছিল। ইয়াৰ পাছতে চলাইছিল এই অভিযান।
ACP নিলোৎপল শইকীয়াৰ নেতৃত্বত চলোৱা এই অভিযানত গাঞ্জা সৰবৰাহৰ বাবে আহি থকা বাহনখন খেদি খেদি গড়চুকৰ সমীপত কৰায়ত্ত কৰে আৰক্ষীয়ে। প্ৰথম অৱস্থাত গৰেশ্বৰৰ পৰা গুৱাহাটী অভিমুখী এই বাহনখনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জনোৱা মতে, বাহনখনৰ পৰা ৩০ কেজি গাঞ্জা জব্দ কৰা হৈছে । ইয়াৰ লগতে আটক কৰা ব্যক্তিজন নাম হৈছে দুইথং বড়ো। গৰেশ্বৰৰ পৰা সৰবৰাহ কৰিছিল এই গাঞ্জাখিনি। দুইথং বড়ো NDFB ৰ প্ৰাক্তন সদস্য বুলি জানিব পৰা গৈছে।