ইণ্ডিগ’ৰ বিমানত আক্ৰমণৰ বলি হোৱা অসমৰ যাত্ৰীক উদ্ধাৰ, ক’ত নিৰুদ্দেশ হৈ আছিল হুছেইন?
মজুমদাৰে ইণ্ডিগ’ৰ ৬ই-১৩৮ নম্বৰৰ বিমানেৰে মুম্বাইৰ পৰা শিলচৰলৈ আহি থকা সময়তে তেওঁৰ Panic Attack আহে। য'ত এয়াৰহোষ্টেছসকলে তেওঁক সহায় কৰিছিল। বিমানখনত বেলেগ ঠাইলৈ তেওঁক লৈ যোৱাৰ সময়ত সহযাত্ৰী হাফিজুল ৰহমানে তেওঁক চৰ মাৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত ৰহমানে মজুমদাৰক আক্ৰমণ কৰা দেখা গৈছে

কিছুদিন পূৰ্বে চলন্ত অৱস্থাতে মাজ আকাশত সহযাত্ৰীৰ আক্ৰমণৰ সন্মুখীন হৈছিল অসমৰ এজন লোক। ইণ্ডিগ’ৰ এখন বিমানত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল হুছেইন আহমদ মজুমদাৰ নামৰ লোকজন। অৱশেষত অসমৰ বৰপেটাৰ ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হৈছে লোকজনক। আক্ৰমণৰ সন্মুখীন হোৱা ৩২ বছৰীয়া হুছেইন আহমদ মজুমদাৰ ঘৰ কাছাৰ জিলাৰ কাটিগড়াত। মজুমদাৰে বৃহস্পতিবাৰে মুম্বাইৰ পৰা কলকাতালৈ উৰা মাৰিছিল আৰু পিছদিনা তাৰ পৰা শিলচৰলৈ আন এখন বিমানত অহা কথা আছিল।
মজুমদাৰে ইণ্ডিগ’ৰ ৬ই-১৩৮ নম্বৰৰ বিমানেৰে মুম্বাইৰ পৰা শিলচৰলৈ আহি থকা সময়তে তেওঁৰ Panic Attack আহে। য’ত এয়াৰহোষ্টেছসকলে তেওঁক সহায় কৰিছিল। বিমানখনত বেলেগ ঠাইলৈ তেওঁক লৈ যোৱাৰ সময়ত সহযাত্ৰী হাফিজুল ৰহমানে তেওঁক চৰ মাৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত ৰহমানে মজুমদাৰক আক্ৰমণ কৰা দেখা গৈছে আৰু তাত উপস্থিত থকা আনসকলে যেতিয়া তেওঁক কিয় চৰ মাৰিলে বুলি সোধাত, তেতিয়া তেওঁ সমস্যা পোৱা বাবেই তেনে কৰা বুলি কয়।
বিমানখন কলকাতাত অৱতৰণ কৰাৰ সময়ত ৰহমানক আটক কৰি আৰক্ষীক গতাই দিয়া হয় যদিও পিছত তেওঁক মুকলি কৰি দিয়া হয়। তাৰ পিছক মজুমদাৰেও বিমানবন্দৰৰ পৰা ওলাই আহে। মুম্বাইৰ এখন হোটেলত কাম কৰা মজুমদাৰে ইয়াৰ পূৰ্বেও বহুবাৰ এই পথৰ বিমানত অহা-যোৱা কৰিছিল আৰু তেওঁৰ লগত কি হৈছে সেই বিষয়ে অজ্ঞাত পৰিয়ালে শুকুৰবাৰে শিলচৰ বিমানবন্দৰলৈ তেওঁক নিবলৈ আহিছিল।
তাৰ পিছত তেওঁৰ পিতৃ আব্দুল মান্নান মজুমদাৰে কয় যে ভাইৰেল ভিডিঅ’টো চোৱাৰ পিছত তেওঁলোকে হুছেইন আহমদ মজুমদাৰৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ মোবাইল ফোনটো চুইচ অফ হৈ আছিল।ইয়াৰ পিছতে মজুমদাৰৰ বিৰুদ্ধে নিৰুদ্দেশ হোৱা লোকৰ এজাহাৰ দাখিল কৰা হয়।
তদন্তত প্ৰকাশ পাইছে যে শুকুৰবাৰে তেওঁ শিলচৰলৈ যোৱা বিমানখনত উঠা নাছিল আৰু শনিবাৰে কলকাতা বিমানবন্দৰৰ পৰাও ৰাওনা হোৱা নাছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মজুমদাৰক বৰপেটা ৰে’ল ষ্টেচনত উপস্থিত থকাৰ তথ্য লাভ কৰি তাতেই মজুমদাৰক উদ্ধাৰ কৰে। তেওঁলোকে তেওঁক বিচাৰি পোৱাৰ সময়ত তেওঁৰ স্বাস্থ্য ভাল নাছিল আৰু এতিয়া তেওঁক ঘৰলৈ লৈ যোৱা হৈছে বুলি এজন বিষয়াই জানিবলৈ দিছে।
ইফালে মজুমদাৰক প্ৰহাৰ কৰা আক্ৰমণকাৰী ৰহমানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইণ্ডিগ’ই। কোম্পানীটোৱে তেওঁক বিমান সংস্থাটোৱে পৰিচালনা কৰা যিকোনো বিমানত যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইণ্ডিগ’ই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “আমাৰ গ্ৰাহক আৰু ক্ৰু সদস্যসকলৰ সুৰক্ষা আৰু মংগল আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ। বিমানৰ সময়ত এনে অশান্তিপূৰ্ণ আচৰণক নিৰুৎসাহিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, নিয়ন্ত্ৰণমূলক বিধান অনুসৰি, ব্যক্তিজনক যিকোনো ইণ্ডিগ’ বিমানত যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।”