শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Railways: ৰে’লত সুৰা নিব পাৰিনে, আৰক্ষীৰ ৰোষত পৰিব নেকি আপুনি?

Railways: কেৱল ৰে'লৱেৰ নিয়মেই নহয়, কোনো যাত্ৰীয়ে যদি মদ কঢ়িয়াই নিয়ে, তেন্তে তেওঁ দুখন ৰাজ্যৰ নিয়ম মানি চলিব লাগিব। সেয়া হৈছে যিখন ৰাজ্যৰ পৰা তেওঁ ৰে’লত উঠিছে আৰু যিখন ৰাজ্যত যাব।

Railways: ৰে’লত সুৰা নিব পাৰিনে, আৰক্ষীৰ ৰোষত পৰিব নেকি আপুনি?
ৰে'লত সুৰা নিব পাৰিনে?Image Credit source: Meta AI
barasha-misra
Barasha Misra | Published: 03 Aug 2025 14:48 PM

প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। ৰে’লযাত্ৰা কৰিলে কিছুমান নিয়ম মানি চলিব লাগে। কিন্তু কিছুমান নিয়মৰ বিষয়ে বহুতে অৱগত নহয়। তেনে এটা নিয়ম হ’ল ৰে’লত সুৰা নিব পাৰিনে নোৱাৰি। ৰে’লত সুৰা কঢ়িয়াই নিয়াটো অপৰাধ নেকি?

ৰে’লত সুৰা কঢ়িয়াই নিব পাৰি নে নোৱাৰি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লত সৰ্বাধিক দুটা সুৰাৰ বটল বা সৰ্বাধিক ৭৫০ মিলিলিটাৰৰ বটল কঢ়িয়াই নিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত এটা চৰ্ত আছে। বটলটো ছীল কৰা থাকিব লাগিব আৰু বিলখনৰ লগত থাকিব লাগিব। যদি আপুনি এই নিয়ম ভংগ কৰে বা আপোনাৰ ওচৰত নিৰ্ধাৰিত সীমাতকৈ অধিক সুৰা থাকে, তেন্তে আপুনি ৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈকে জৰিমনা ভৰিব লাগিব।

ৰে’লত সুৰাপান কৰি থকা কোনো যাত্ৰী ধৰা পৰিলে জৰিমনা বিহা হ’ব পাৰে আৰু কাৰাগাৰলৈও প্ৰেৰণ কৰা হ’ব পাৰে।

কেৱল সেয়াই নহয়, যাত্ৰী এজনে যাত্ৰা কৰাৰ সময়ত যদি সুৰা কঢ়িয়াই নিয়ে তেন্তে ৰাজ্যৰ নিয়ম মানি চলিব লাগিব। যিখন ৰাজ্যৰ পৰা তেওঁ ৰে’ল যাত্ৰা কৰে আৰু যিখন ৰাজ্যত তেওঁ যাত্ৰা শেষ কৰে, তেন্তে ৰাজ্য দুখনৰ নিয়মো মানি চলিব লাগিব।

উদাহৰণস্বৰূপে, আপুনি যিখন ৰাজ্যৰ পৰা ৰে’লত উঠিছে সেইখন ৰাজ্যত মদ নিষিদ্ধ নহয়, কিন্তু য’লৈ যাব সেই ৰাজ্যখনত মদ নিষিদ্ধ। তেনে ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব। আপুনি হয়তো বহু পৰিমাণৰ জৰিমনা ভৰিব লাগিব বা জেললৈও প্ৰেৰণ কৰিব পাৰে।

কোনবোৰ ৰাজ্যত মদ নিষিদ্ধ?

বিহাৰ, গুজৰাট, নাগালেণ্ড আৰু মিজোৰামত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। আন ৰাজ্যৰ পৰা ৰে’লত উঠিলে সুৰা কঢ়িয়াই নিব নোৱাৰে। ধৰা পৰিলে কঠোৰ শাস্তিৰ বিহা হ’ব আপোনাক।