এইসমূহ সাধাৰণ অভ্যাস হ’ব পাৰে বৃক্ক সংক্ৰমণৰ কাৰণ! জানক ইয়াৰ লক্ষণ আৰু সকলো…
বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু বিভিন্ন কাৰণত বৃক্কত সংক্ৰমণ হয়। গতিকে সময়মতে ইয়াৰ লক্ষণৰ বিষয়ে জানি চিকিৎসা গ্ৰহণ কৰিব লাগে।

আজিকালি বৃক্কৰ লগত জড়িত সমস্যা বৃদ্ধি হোৱা দেখা গৈছে। প্ৰায়ভাগ মানুহে বৃক্ক সংক্ৰমণত ভোগে। ই আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ যিয়ে তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। বৃক্কই আমাৰ শৰীৰত পানী আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। যেতিয়া বৃক্কত সংক্ৰমণ হয় তেতিয়া শৰীৰৰ কাম-কাজত ব্যাঘাত জন্মে। বৃক্কৰ সংক্ৰমণক পাইল’নেফ্ৰাইটিছ বুলি কোৱা হয়, যিটো সাধাৰণতে প্ৰস্ৰাৱ নলীৰ পৰা আৰম্ভ হৈ ওপৰলৈ বিয়পি পৰে। যদি এই সংক্ৰমণ সময়মতে ঠিক নহয়, তেন্তে ই বৃক্কক ডাঙৰ ক্ষতি আৰু তেজৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
কাৰণ
দীৰ্ঘদিন ধৰি সংক্ৰমণ হৈ থাকিলে বৃক্ক বিকল পৰ্যন্ত হ’ব পাৰে। বৃক্ক সংক্ৰমণ হোৱাৰ কিছুমান কাৰণ আছে। ইয়াৰ বিষয়ে জনা দৰকাৰ।
-
- বৃক্কৰ সংক্ৰমণৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল ইউটিআই (Urinary Tract Infection) বৃদ্ধি। যেতিয়া বেক্টেৰিয়া প্ৰস্ৰাৱৰ মাধ্যমেৰে বৃক্ক গৈ পাই তেতিয়া সংক্ৰমণ হ’ব পাৰে।
- UTI সমস্যা পুৰুষৰ তুলনাত মহিলাৰ বেছিকৈ হোৱা দেখা যায়। কাৰণ মহিলাৰ প্ৰস্ৰাৱ নলী সৰু আৰু সংক্ৰমণ সোনকালে বিয়পে।
- যিসকল লোকে বহু সময় প্ৰস্ৰাৱ ধৰি ৰাখে,
- যিসকলে পৰ্যাপ্ত পৰিমাণৰ পানী নাখায়,
- বৃক্কত পাথৰ,
- ডায়েবেটিছ,
- গৰ্ভৱতী মহিলা বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বৃক্কৰ সংক্ৰমণৰ সম্ভাৱনা বেছি।
- কেথেটাৰৰ জৰিয়তে প্ৰস্ৰাৱ নিষ্কাশন কৰা ৰোগী বা সঘনাই ইউটিআই ৰোগত আক্ৰান্তৰ ৰোগীৰো সংক্ৰমণ হব পাৰে।
লক্ষণ
সফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ এইচ অ’ ডি ডাঃ হিমাংশু বৰ্মাই বৃক্ক সংক্ৰমণৰ লক্ষণৰ বিষয়ে জনাইছে। তেওঁৰ মতে, বৃক্ক সংক্ৰমণৰ লক্ষণ কেতিয়াবা হঠাতে দেখা দিয়ে। এই লক্ষণ সমূহ হ’ল-
-
- তীব্ৰ জ্বৰ,
- ঠাণ্ডা লগা,
- কঁকাল বা পিঠিৰ বিষ
- প্ৰস্ৰাৱ কৰাৰ সময়ত জলা-পোৰা,
- সঘনাই প্ৰস্ৰাৱ কৰা বা অতি কম প্ৰস্ৰাৱ
- প্ৰস্ৰাৱত দুৰ্গন্ধ,
- প্ৰস্ৰাৱত ফেন
- প্ৰস্ৰাৱত তেজ
- ভাগৰুৱা
- দুৰ্বলতা আদি।
সংক্ৰমণ বৃদ্ধি হ’লে দেখা দিয়া লক্ষণ-
- বিভ্ৰান্তি,
- মূৰ ঘূৰোৱা
- ৰক্তচাপ কমি যোৱা আদি।
যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকে তেন্তে বৃক্ক বিকল পৰ্যন্ত হব পাৰে। গতিকে লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।
পৰিত্ৰাণৰ উপায়
- প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
- প্ৰস্ৰাৱ ধৰি নাৰাখিব।
- বিশেষকৈ মহিলাসকলে প্ৰস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিব।
- সুষম খাদ্য গ্ৰহণ কৰক।
- ডায়েবেটিছৰ দৰে ৰোগ থাকিলে মাজে মাজে স্বাস্থ্য় পৰীক্ষা কৰক।
- বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব।
অন্য খবৰ পঢ়কঃ নিশা টোপনি নাহে নেকি? জানক ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়…