১ কোটিৰো অধিক আধাৰ কাৰ্ড ব্লক, সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?
ব্লক কৰা হৈছে ১ কোটিৰো অধিক আধাৰ কাৰ্ড। এই সিদ্ধান্ত কিয় গ্ৰহণ কৰা হৈছে? ইয়াৰ ফলত সাধাৰণ লোকৰ অসুবিধাৰ সৃষ্টি হ’ব নেকি?
১ কোটি ১৭ লাখ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰিছে UIDAI য়ে। UIDAI বা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে যিসমূহ কাৰ্ড ইতিমধ্যে নিষ্ক্ৰিয় কৰি দিছে সেই আধাৰ কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰ্থিক লেনদেনৰ পৰা আৰম্ভ কৰি পৰিচয় প্ৰমাণলৈকে, কোনো ক্ষেত্ৰত কামত নাহিব এই কাৰ্ডসমূহ। একেদৰে আনকি সেই নিষ্ক্ৰিয় আধাৰ কাৰ্ডবোৰ কোনো ধৰণৰ কে ৱাই চিৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰিব।
ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। আচলতে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰা হৈছে? ইয়াৰ ফলত সাধাৰণ লোকৰ অসুবিধাৰ সৃষ্টি হ’ব নেকি? আচলতে মৃত ব্যক্তিৰ আধাৰ নম্বৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ UIDAIয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই পদক্ষেপৰ অধীনত যদি কোনো পৰিয়ালত কোনোবাই মৃত্যুবৰণ কৰে তেন্তে ‘My Aadhaar’ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব।
চৰকাৰী অধিসূচনাত কোৱা হৈছে যে, আধাৰ তথ্যকোষৰ সঠিকতা বজাই ৰাখিবলৈ UIDAIয়ে বিভিন্ন উৎসৰ পৰা মৃত্যুৰ তথ্য সংগ্ৰহ কৰি সঠিক পৰীক্ষণৰ অন্তত আধাৰ নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰিছে।