ৰে’লযাত্ৰীৰ সুবিধাৰ্থে পুনৰ প্ৰৱৰ্তন হ’ব এনে ব্যৱস্থা, ৰে’লমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ আপডেট
ক’ভিদৰ সময়ত জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেই আগবঢ়োৱা ৰেহাইৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰী কৰা মতে এই ৰেহাইৰ সুবিধা পুনৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱ পুনৰীক্ষণৰ বাবে সংসদৰ ৰে’ল বিভাগৰ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

ভাৰতৰ যাতায়ত–পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ সুলভ আৰু সহজলভ্য মাধ্যম হিচাপে পৰিচিত ৰে’লসেৱা। দেশৰ এক বৃহৎ অংশ লোকে যাতায়তৰ ক্ষেত্ৰত ৰে’লসেৱাকে প্ৰাধান্য দি আহিছে। ৰে’লযাত্ৰীসকলৰ সহায়ক হোৱাকৈ একাধিক সুবিধাও উপলব্ধ। যাত্ৰীসকলৰ সুবিধাৰ বাবে ভাৰতীয় ৰে’লৱেই এনে পদক্ষেপ গ্ৰহণ কৰিছে। ৰে’লসেৱাৰ এনে এক সুবিধা আছিল জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেহাই। অৱশ্যে ক’ভিদৰ সময়ত এই ৰেহাইৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল।
বৰ্তমান পৰিস্থিতি স্বাভাৱিক যদিও পিছে পুনৰ আৰম্ভ হোৱা নাই জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেহাইৰ সুবিধা। পিছে এই সেৱা পুনৰ কেতিয়াবা আৰম্ভ হ’বনে? ক’ভিদৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা নিশ্চিতভাৱে কোনো লোকেই এতিয়াও পাহৰিব পৰা নাই। সেই সময়তে জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেই আগবঢ়োৱা ৰেহাইৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল।
ইয়াৰ পিছত কেইবাবাৰো জ্যেষ্ঠ নাগৰিকৰ ৰেহাইৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ দিয়া হৈছিল। সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনতো কেন্দ্ৰৰ সমুখত এই প্ৰশ্ন উত্থাপন কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ ড° জন ব্রিটাছ, মিলিন্দ দেওৰা আৰু সন্তোষ কুমাৰে এই প্রশ্ন তুলিছে৷ জ্যেষ্ঠ নাগৰিকৰ বাবে এই ৰেহাই পুনৰ প্ৰৱৰ্তিত হ’ব নেকি, সেই বিষয়ে কেন্দ্ৰৰ পৰা জানিব বিচাৰে সাংসদসকলে।
এই প্ৰশ্নৰ উত্তৰত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰী কৰা মতে এই প্ৰস্তাৱ পুনৰীক্ষণৰ বাবে সংসদৰ ৰে’ল বিভাগৰ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছে। অন্ততঃ থ্ৰী টায়াৰ এচি (3AC) আৰু শ্লীপাৰ ক্লাছৰ জ্যেষ্ঠ নাগৰিকৰ টিকটত এই ৰেহাই ঘূৰাই অনাৰ প্ৰস্তাৱ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে কয় যে ২০২৩-২৪ চনত যাত্ৰীৰ টিকটত ৬০,৪৬৬ কোটি টকাৰ ৰাজসাহায্য দিয়া হৈছিল। অৰ্থাৎ প্ৰতিজন যাত্ৰীয়ে গড়ে ৪৫ শতাংশ ৰেহাই লাভ কৰিছিল। এতিয়া ৰে’লমন্ত্ৰীৰ ঘোষণাৰ পিছত জ্যেষ্ঠ নাগৰিকে পুনৰ ৰেহাইৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।