3 Aug 2025
TV9 ASSAM
Photos Credit: Unsplash/Getty Images
প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ই কোষ গঠন আৰু মেৰামতিত সহায় কৰে।
যেতিয়া পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণ নকৰো বা শৰীৰে ইয়াক সঠিকভাৱে শোষণ কৰিব নোৱাৰে তেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয়।
খাদ্যৰ অভাৱ,পাচনতন্ত্ৰৰ বিসংগতি, দীৰ্ঘদিন ধৰি অসুস্থতা, অত্যধিক মদ্যপান বা বৃক্ক আৰু যকৃতৰ লগত জড়িত ৰোগৰ বাবে এই সমস্যা হ'ব পাৰে।
প্ৰটিনৰ অভাৱৰ ফলত পেশীবোৰ সংকুচিত হ'বলৈ আৰম্ভ কৰে আৰু শৰীৰৰ শক্তি কমি যায়। ভাগৰুৱা অনুভৱ কৰিব পাৰে।
প্ৰটিনৰ অভাৱ হ'লে চুলি দুৰ্বল হয় আৰু ভাঙিবলৈ আৰম্ভ কৰে বা সৰিব পাৰে। প্ৰটিনে চুলিৰ শিপা মজবুত কৰে।
প্ৰটিনৰ অভাৱত ছালৰ সমস্যা যেনে-শুকান হ'বলৈ আৰম্ভ কৰে। নখ ভাঙিবলৈ আৰম্ভ কৰে।
প্ৰটিনৰ অভাৱত ঘাঁ ভাল হোৱাত বহু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়।
পঢ়িবলৈ ক্লিক কৰক