ৰাইজৰ দলৰ ২৫, কংগ্ৰেছৰ ৫০! বিজেপিৰ কিমান? টিকটৰ আবেদনৰ নামত কোন দলে লৈছে কিমান টকা…
Assam Assembly Election: আগন্তুক নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে দলসমূহৰ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। বিভিন্ন দলে আবেদনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে এক মাচুল নিৰ্ধাৰণ কৰিছে।
সমাগত অসম বিধানসভা নিৰ্বাচন, ২০২৬। ইতিমধ্যে নিৰ্বাচন (Assam Assembly Election)ক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। সমষ্টিৰ টিকটৰ বাবে হেতা ওপৰা লাগিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত। ইয়াৰ মাজতে একাংশ দলে ঘোষণা কৰিছে আবেদনৰ নামত নিজা নিজা মাচুল। শেহতীয়াকৈ বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ (Aiudf) দলে আবেদনৰ মাচুল ৫০,০০০ টকা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আদিয়েও নিজা নিজা মাচুল ঘোষণা কৰিছিল।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আজি AIUDF য়ে কয় যে, ”আগন্তুক বিধানসভা নিৰ্বাচন, ২০২৬ ত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহপ প্ৰকাশ কৰিছে, তেওঁলোকে ৫০,০০০ টকাৰ বেংক ড্ৰাফ্ট AIUDF ৰ নামত নিজ নিজ আবেদন পত্ৰসহ অহা ১০ দিনৰ ভিতৰত কেন্দ্ৰীয় কাৰ্যলায়ত জমা দিব লাগিব”।
ইফালে কিছুদিন পূৰ্বে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে জনাইছিল যে, ৰাইজৰ দলৰ প্ৰাৰ্থীসকলৰ আবেদন জমা দিয়াৰ সময় ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ। নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে ২৫,০০০ টকা মাচুলৰ সহায়ত আবেদন জমা দিব লাগিব।
ইফালে আবেদন দাখিলৰ বাবে কংগ্ৰেছৰ মাচুল ৫০,০০০ টকা। নতুন বছৰৰ প্ৰথম দিনটোতে সাংসদ গৌৰৱ গগৈয়ে জনোৱা অনুসৰি, ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ চলিব আবেদন প্ৰক্ৰিয়া। ইয়াৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৫০,০০০ টকা মাচুলৰ সহায়ত আবেদন জমা দিব লাগিব। সূত্ৰ অনুসৰি, এতিয়ালৈকে কেইবাজানো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে মাচুল জমা দি আবেদন দাখিল কৰে।
বিজেপিৰ কিমান?
এই সন্দৰ্ভত কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, মিঞা অধ্যুষিত এলেকাত কংগ্ৰেছৰ টিকটৰ দাম ৩-৪ কোটি টকালৈকে উঠিব। যোৱাবাৰো উঠিছিল। ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ পৰা ৫০,০০০ টকাকৈ লব। যোৱাবাৰো ৫০ হাজাৰ টকাকৈ লৈছিল যদিও বিৰোধীৰ মিত্ৰদলে প্ৰাৰ্থিত্ব দিয়াৰ পাছতো কংগ্ৰেছে ঘূৰাই নিদিলে মাচুল। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদনৰ নামত কোনো মাচুল গ্ৰহণ নকৰে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ গোপন তথ্যৰ বিনিময়ত টকা! ISI ৰ নজৰত এইবাৰ কিশোৰ, পোহৰলৈ ভয়ংকৰ তথ্য…