Magh Bihu Wishes 2026: এনেকৈ আপোনজনক প্ৰেৰণ কৰক হেঁপাহৰ মাঘ বিহুৰ শুভেচ্ছা…
Magh Bihu Wishes In Assamese: হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু প্ৰতি অসমীয়া। ভোগালী মানে ভোগ, ভোগালী মানেই আনন্দ। এই সময়চোৱাত সকলোৱে লগে ভাগে মিলি এসাঁজ খাই, মেজিৰ পুৱাই আনন্দ কৰে।
মাঘ বিহুৰ শুভেচ্ছাImage Credit source: social media
হেঁপাহৰ মাঘ বিহু (Magh Bihu) ক আদৰিবলৈ সাজু প্ৰতি অসমীয়া। পথাৰৰ শঁইচ চপোৱাৰ পাছত এই সময়ত প্ৰায় সকলোৰে ভঁৰাল ভৰি থাকে। এই বিহুটিত উদৰ পুৰাই খাবলৈ সকলোৰে ওচৰত কিবা অলপ থাকে। যাৰ বাবে এই মাঘ বিহুক ভোগালী বিহু (Bhogali Bihu) বুলি কোৱা হয়। প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট্য আছে। মাঘ বিহুৰো আছে সুকীয়া মাদকতা। ১৩ জানুৱাৰীত এইবাৰ মাঘৰ উৰুকা, ১৪ জানুৱাৰীত মেজি জ্বলোৱা আৰু ১৫ জানুৱাৰীত মাঘৰ এক তাৰিখ।
এই বিহুটিত আপোনজনে আপোনজনক দিয়ে শুভেচ্ছা। গতিকে আপুনিও তলত দিয়া ধৰণে আপোনজনক বাৰ্তা প্ৰেৰণ কৰিব পাৰে-
- আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ ভোগালীৰ শুভেচ্ছা। আশা কৰো, ধনে ধানে উপচি পৰক ঘৰ।
- মেজিৰ জুইত জাহ যাওত সকলো দুখ, হিংসা, দুৰ্নীতি। সুখেৰে ভৰি পৰক জীৱন। হেঁপাহৰ ভোগালীৰ হিয়াভৰা শুভেচ্ছা।
- সকলোলৈ হেঁপাহৰ ভোগালীৰ শুভেচ্ছা। নতুন শস্যক আদৰাৰ এই উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।
- মেজিৰ জুইত নিপাত যাওক সকলো অসূয়া অপ্ৰীতি। হেঁপাহৰ ভোগালীৰ অলেখ শুভেচ্ছা।
- হেঁপাহৰ মাঘ বিহুৰ বহুত শুভেচ্ছা। আশা কৰো অনাগত দিনবোৰ ভোগৰ আৰু আনন্দৰ হওক।
- মাঘ বিহুৰ শুভেচ্ছা। আশা কৰো এই পবিত্ৰ ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।
- ভোগালীৰ শুভেচ্ছা। আশা কৰো মেজিৰ অগ্নিয়ে সমাজৰ সকলো অপশক্তি নাশ কৰি শুভ শক্তিৰ সঞ্চাৰেৰে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি।
- ভোগালীৰ শুভেচ্ছা। মেজিৰ জুইয়ে আপোনাৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াওক সকলো দুখ, দুৰ্দশা।
- মেজিৰ উমেৰে সমৃদ্ধ হওক জীৱন। হেঁপাহৰ ভোগালীৰ শুভেচ্ছা।
- ভোগালীৰ আনন্দই জীৱন সুখেৰে ভৰাই তোলক। মাঘ বিহুৰ বহুত শুভেচ্ছা।
- ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি। লগতে সুদৃঢ় কৰি তোলক আপোনজনৰ সৈতে সম্পৰ্কৰ এনাজৰী।
- ভোগালীৰ আনন্দই সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি। ভোগালী বিহুৰ বহুত শুভেচ্ছা।
- ভোগালীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো সদায় ধনে ধানে ভৰি থাকক ভঁৰাল, হওক সমৃদ্ধি।
- আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ হেঁপাহৰ ভোগালীৰ হিয়াভৰা শুভেচ্ছা।
- ভোগালী মানে ভোগ, ভোগালী মানে আনন্দ, ভোগালী মানে লগে ভাগে খোৱাৰ দিন। আশা কৰো সদায় সুখ-সমৃদ্ধি আহক আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ। ভোগালীৰ শুভেচ্ছা থাকিল।
অন্য খবৰ পঢ়কঃ এনেদৰে আপোনজনলৈ প্ৰেৰণ কৰক হেঁপাহৰ উৰুকাৰ শুভেচ্ছা…