সাম্ভাব্য পাৰমাণৱিক যুদ্ধ আমি ৰোধ কৰিছো, ইয়াক লৈ মই গৌৰৱান্বিতঃ ট্ৰাম্প
নিজৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। সংবাদ মেল সম্বোধন কৰি ট্ৰাম্পে কয় যে, আমেৰিকাৰ মধ্যস্থতাত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি হৈছে আৰু ইয়াক লৈ তেওঁ গৌৰৱান্বিত।

ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ এক কূটনৈতিক জয় বুলি অভিহিত কৰে। ট্ৰাম্পে দাবী কৰে যে, তেওঁৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত হ’বলগীয়া সাম্ভাব্য পৰমাণু যুদ্ধ ৰোধ কৰা হয়। এই যুদ্ধ ৰোধ কৰিব পৰা বাবে তেওঁ গৌৰৱ অনুভৱ কৰে। লগতে ট্ৰাম্পে কয় যে, এতিয়া তেওঁ দুয়োখন দেশৰ লগতে বাণিজ্য আগবঢ়াই নিব।ভাৰত-পাকিস্তানক সকীয়নি দি ট্ৰাম্পে এয়াও কয় যে, যদি দুয়োখন দেশে যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ নকৰিলেহেতেন তেন্তে ভাৰত-পাকিস্তানৰ লগত আমেৰিকাই সকলো বাণিজ্য বন্ধ কৰি দিলেহেতেন।
সংবাদ মেল সম্বোধন কৰি ট্ৰাম্পে কয় যে, শনিবাৰে মোৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতি কৰে। মই ভাবো এয়া স্থায়ী হ’ব। দুয়োখন দেশতে বহুত পাৰমাণৱিক অস্ত্ৰ আছে আৰু এইটো আছিল এক বিপজ্জনক সংঘাতৰ পৰিস্থিতি, যাক আমি বাধা প্ৰদান কৰিছো। ট্ৰাম্পে কয় যে, বাণিজ্যিক দিশক অস্ত্ৰ হিচাপে হৈ আমি এই কূটনৈতিক কামটো কৰিছিলো।
বাণিজ্যক কৰিছিল অস্ত্ৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এয়াও কয় যে, তেওঁ দুয়োখন দেশক কৈছিল যে যদি তেওঁলোকে যুদ্ধ বন্ধ নকৰে তেন্তে আমেৰিকাই সকলো বাণিজ্য বন্ধ কৰি দিব। আমেৰিকাৰ হৈ ট্ৰাম্পৰ এই দাবীয়ে ইংগিত দিয়ে যে বিশ্ব মহাশক্তিসমূহে দক্ষিণ এছিয়াৰ পৰিস্থিতিৰ প্ৰতি অত্যন্ত সতৰ্ক আৰু যিকোনো মূল্যৰ বিনিময়ত পাৰমাণৱিক যুদ্ধ ৰোধ কৰিব বিচাৰে। অৱশ্যে উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ সকীয়নিৰ পাছতো পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছে।
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ কথা ঘোষণা কৰিছিল। তাৰ পাছত অৱশ্যে পাকিস্তানে কেইবাবাৰো যুদ্ধ বিৰতি উলংঘন কৰিছে। অৱশ্যে ভাৰত বা পাকিস্তানে বৰ্তমান পৰ্যন্ত আমেৰিকাৰ মধ্যস্থতা সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই।
মোদীয়ে কি কয়
ইয়াৰ মাজতে সোমবাৰে নিশা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত মোদীয়ে সন্ত্ৰাসবাদক কঠোৰ সকীয়নি দিয়াৰ লগতে কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কেৱল স্থগিতহে কৰা হৈছে। ভাষণত মোদীয়ে বাৰে বাৰে পাকিস্তানক সকীয়নি প্ৰদান কৰি কয় যে, পাৰমাণৱিক শক্তিক লৈ কৰা ব্লেকমেইলৰ কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতে।
ইয়াৰোপৰি ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত মোদীয়ে এবাৰো আমেৰিকা বা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথা উল্লেখ নকৰিলে। মোদীয়ে কয় যে, ভাৰতে কৰা প্ৰতিশোধমূলক কাৰ্যত পাকিস্তান কম্পিত হৈ গৈছিল। তাৰ পাছতে পাকিস্তানী সেনাই ১০ মে’ৰ বিয়লি ভাৰতৰ DGMO যোগাযোগ কৰি যুদ্ধ বিৰতিৰ বাবে বাৰে বাৰে আহ্বান জনাইছিল। তেনে অৱস্থাত পাকিস্তানক সকীয়াই দি ভাৰত-পাকিস্তান যুদ্ধ বিৰতিত সন্মত হৈছিল।
অন্য খবৰ পঢ়কঃ আমি চীনত নিৰ্মিত PL 15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা