আমি চীনত নিৰ্মিত PL 15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা
ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আজি সংবাদ মেল সম্বোধন কৰে ভাৰতীয় সেনাই। এই সময়চোৱাত সেনাই কয় যে, ভাৰতে চীনত নিৰ্মিত PL 15 মিছাইল ধ্বংস কৰিছে।

ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ পাছত বৰ্তমান সীমান্তত শান্তি দেখা গৈছে। কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা এতিয়াও অব্যাহত আছে। ইয়াৰ মাজতে সোমবাৰে ভাৰতীয় সেনাই সংবাদমেল সম্বোধন কৰি কয় যে, আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক ৰোধ কৰা অসম্ভৱ। আমি চীনৰ PL 15 মিছাইল ধ্বংস কৰিছিলো।
ডি জি এম অ’ এয়াৰ মাৰ্শ্বাল অভ্ধেশ কুমাৰ ভাৰতী কয় যে, আমাৰ যুদ্ধ আছিল সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। ৭ মে’ত আমি কেৱল সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মগোপন স্থানতহে আক্ৰমণ কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনক কথা যে পাকিস্তানী সেনাই সন্ত্ৰাসবাদীৰ সংগ দিয়া উচিত বুলি ভাবি ইয়াক নিজৰ যুঁজৰ দৰে লৈছিল। কিন্তু আমি তেওঁলোকৰ উচিত প্ৰত্যুত্তৰ দিছিলো। লগতে তেওঁ কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি হৈছে যদিও ভাৰতীয় সেনা পৰৱৰ্তী অভিযানৰ বাবে সাজু।
#WATCH | Delhi | Air Marshal AK Bharti presents the composite picture of targets engaged by the Indian Air Force during #OperationSindoor pic.twitter.com/hBNJAFyLTD
— ANI (@ANI) May 12, 2025
শক্তিশালী ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা
তেওঁ কয় যে, এনে পৰিস্থিতিত আমি প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাতো অতি আৱশ্যক আছিল। এই সময়চোৱাত তেওঁলোকে যি ক্ষতিৰ সন্মুখীন হৈছে তাৰ বাবে তেওঁলোক নিজেই দায়ী। আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা দেশৰ বাবে এক দেৱালৰ দৰে থিয় দি আছিল আৰু কোনো শত্ৰুৰ বাবে ইয়াত প্ৰৱেশ কৰা সম্ভৱ নাছিল।
এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰ ভাৰতীয়ে আৰু কয় যে আমি এই অভিযানত তিনি প্ৰকাৰৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিলো। ল’ ডিফেন্স গান,SAMS আৰু লং ৰেঞ্জ চৰফেচ টু এয়াৰ মিছাইল। ভাৰতীয় বায়ুসেনাই অপাৰেশ্যন সেন্দূৰৰ সময়ত AD চৰফেচ, Pechora, Akash Missile System দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আনহাতে পাকিস্তানে চীনত নিৰ্মিত লং ৰেঞ্জ মিছাইল ব্যৱহাৰ কৰিছিল। তেওঁ আৰু কয় যে, পাকিস্তানে ব্যৱহাৰ কৰা ড্ৰ’ন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে কৰা কেইবাটাও প্ৰচেষ্টা প্ৰশিক্ষিত ভাৰতীয় বায়ু সেনা জোৱানে থলুৱাভাৱে ডিজাইন কৰা চফ্ট এণ্ড হাৰ্ড কিল কাউণ্টাৰ ইউ এ এছ ব্যৱস্থাৰে বিফল কৰি তুলিছিল।
DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে আমি অপাৰেশ্যন সেন্দূৰক বুজা দৰকাৰ। আমি LoC আৰু IB পাৰ নোহোৱাকৈয়ে এই সমগ্ৰ অভিযান সম্পূৰ্ণ কৰিলো। শত্ৰুৱে আক্ৰমণ কৰিব বুলি আমি জানিছিলো, যাৰ বাবে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণ ৰূপে সাজু আছিল। আমাৰ বায়ু প্ৰতিৰক্ষা সম্পূৰ্ণ অভেদ্য আছিল। শত্ৰুৰ বাবে সেয়া ভেদ কৰা অসম্ভৱ আছিল। তেওঁ কয় যে, যেতিয়া লক্ষ্য স্থিৰ হয় তেন্তে গন্তব্যস্থানেও আপোনাৰ ওচৰলৈ দৌৰ আহে।
অন্য খবৰ পঢ়কঃ পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ ৩ টা বস্তুৰ প্ৰয়োজন! ভাৰতৰ পৰা কি বিচাৰিছে বেলুচ আৰ্মীয়ে…