ভয়ংকৰ বিমান দুৰ্ঘটনা, সাংসদ, ক্ৰু মেম্বাৰসহ ১৫ জনকৈ লোকৰ কৰুণ মৃত্যু…
কলম্বিয়াত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকৰ মৃত্যু। অৱতৰণৰ ঠিক আগতেই বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে।
কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। ৰাজধানী বগোটাৰ বিষয়াসকলে জনোৱা মতে, বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকক লৈ যোৱা এখন টুইন প্ৰপেলাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত নিহত হয় সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।
কলম্বিয়াৰ সীমান্তৱৰ্তী চহৰ কুকুটাৰ পৰা উৰা মৰা বিমানখনে দুপৰীয়াৰ ভাগত (১৭০০ জিএমটি) ওচৰৰ অকানাত অৱতৰণ কৰাৰ ঠিক আগতেই বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। ১৩ জন যাত্ৰী আৰু দুজন ক্ৰু সদস্য কঢ়িয়াই অনা এই বিমানখন ২৩ মিনিটৰ যাত্ৰা আছিল আৰু কলম্বিয়াৰ চৰকাৰী বিমান সংস্থা ছাটেনাই চলাইছিল।
বিমান কৰ্তৃপক্ষৰ এজন বিষয়াই এএফপিক জনাইছে যে, “কোনো জীৱিত অৱস্থাত নাই।” তেওঁ লগতে কয় যে, দুৰ্ঘটনাটোৰ কাৰণ এতিয়াই জানিব পৰা হোৱা নাই। চৰকাৰে তালাচীৰ বাবে বায়ুসেনাৰ জোৱানক প্ৰেৰণ কৰিছে।
দুৰ্ঘটনাটোৰ স্থান হৈছে এণ্ডিজৰ পূব অঞ্চলৰ এটা ঠেক, ঘন বনাঞ্চল, য’ত বতৰৰ দ্ৰুত উঠা-নমা হয়। চাৰিওফালৰ গ্ৰাম্য অঞ্চলৰ বৃহৎ অংশ কলম্বিয়াৰ সৰ্ববৃহৎ গেৰিলা গোট নেচনেল লিবাৰেচন আৰ্মীৰ দ্বাৰা নিয়ন্ত্ৰিত, যিটো স্পেনিছ নাম ই এল এনেৰে বেছি পৰিচিত।
স্থানীয় বাতৰি আলোচনী চেমানাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উত্তৰ ছান্টাণ্ডাৰ ৰাজ্যৰ গৱৰ্ণৰ উইলিয়াম ভিলামিজাৰে কয় যে, এতিয়ালৈকে ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিমানখনত আছিল কলম্বিয়াৰ এজন সংসদ সদস্য আৰু এজন বিধানসভাৰ প্ৰাৰ্থী।
বাওঁপন্থী ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই এক্সত লিখিছে, “এই মৃত্যুৰ বাবে মই গভীৰভাৱে দুখী। তেওঁলোকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।” মৃতকৰ তালিকাত আছে কলম্বিয়াৰ চেম্বাৰ অৱ ডেপুটিজৰ সদস্য ৩৬ বছৰীয়া প্ৰতিনিধি ডিঅ’জেনেছ কুইণ্টেৰো আৰু আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী কাৰ্লোছ ছালচেডো।