মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিলে সাংসদ ৰকিবুল হুচেইনে। তেওঁ কয় যে, জুবিনৰ কথা ক'লে বেলেগ কথা কয়। কিয় জুবিনৰ ক্ষেত্ৰলৈ যোৱাত বাধা দিছে? জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে ৰঙা ঘৰত সোমায়। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে নাপায়। উল্লেখ্য যে, সমগ্ৰ অসমে এতিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আছে। ইতিমধ্যে এই কাণ্ডৰ কেইবাজনো অভিযুক্ত এতিয়াও জেলত আছে। তদন্ত অব্যাহত আছে।