সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াকে লৈ ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। পিছ পৰি ৰোৱা নাই শাসকীয় দলৰ পৰা বিৰোধী দল। ইয়াৰ মাজতে নিজ সমষ্টিত দেখা গ'ল সাংসদ ৰকিবুল হুচেইন। তেওঁ সমষ্টিত দমকল পোতা দেখা যায়। এই সময়চোৱাত তেওঁৰ সৈতে অন্য একাংশ কৰ্মীকো দেখা যায়। ইয়াৰ পাছতে সাংসদগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।