Morning News: অনুপ্ৰৱেশকাৰী বিতাৰণৰ পৰা বাংলাদেশত IPL নিষেধাজ্ঞালৈ, চাওক পুৱাৰ মুখ্য খবৰ
ৰাজ্যত অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। অসমত প্ৰৱেশৰ চেষ্টা চলোৱা ১৩জন অনুপ্রৱেশকাৰীক শ্রীভূমিৰ সমীপৰ আন্তঃৰাষ্ট্রীয় সীমান্তৰে সিপাৰলৈ ওভতাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে এই তথ্য প্ৰকাশ কৰিছে।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰাজ্যত অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। অসমত প্ৰৱেশৰ চেষ্টা চলোৱা ১৩জন অনুপ্রৱেশকাৰীক শ্রীভূমিৰ সমীপৰ আন্তঃৰাষ্ট্রীয় সীমান্তৰে সিপাৰলৈ ওভতাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে এই তথ্য প্ৰকাশ কৰিছে।
- ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আন এক বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। কাছাৰ আৰক্ষীয়ে সুনাবাৰীঘাট বাইপাছত দুখন বাহনৰ পৰা জব্দ কৰিছে প্ৰায় ২ কোটি টকা মূল্যৰ ৪০৬ গ্ৰাম হেৰ’ইন। ইয়াৰ লগতে ৫জন সৰবৰাহকাৰীক আটক কৰিছে।
- বিধানসভা নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ৰাজ্যজুৰি প্ৰচাৰৰ লক্ষ্যৰে সোমবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে দেৱাল লিখন অভিযান। খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী আৰম্ভ কৰে।
- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াত প্ৰথমজন প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে আবেদন কৰিছে টিংখাং সমষ্টিৰ পৰা বিপুল গগৈয়ে। অহা ২০ জানুৱাৰীলৈ দলটোৰ এই আবেদন প্ৰক্ৰিয়া অব্যাহত থাকিব।
- দুই কাৰাবন্দী ছাত্ৰ নেতা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। এই গোচৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ বাবে তদন্তৰ স্বাৰ্থত অভিযুক্তক জিম্মাত ৰখা প্ৰয়োজন বুলি দোহাৰি সৰ্বোচ্চ আদালতে দুয়োৰে জামিন নাকচ কৰে।
- শ্ৰীভূমি জিলাৰ নিলামবাজাৰত যোৱা নিশা কংগ্ৰেছৰ দুটা ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়। কংগ্ৰেছ নেতা তথা উমৰপুৰ ৰাজাটিলা জিলা পৰিষদৰ সদস্য জিল্লুৰ নুৰক জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আহমেদ সাহিল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শ্বাহনৱাজ হুছেইনে চোকা অস্ত্ৰৰে প্ৰাণঘাতী আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে।
- মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বহিষ্কাৰ আৰু তাৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ পিছত বিশেষ সিদ্ধান্ত লৈছে বাংলাদেশ চৰকাৰে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে যিকোনো মাধ্যমত আই পি এলৰ সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
- আমেৰিকাত বন্দী হৈ থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ সৈতে জড়িত লোকসকলৰ ছুইজাৰলেণ্ডত থকা সকলো সম্পত্তি তাৎক্ষণিকভাৱে ফ্ৰীজ (Freeze) কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। FIAA আইনৰ অধীনত এই মাডুৰোৰ সম্পত্তি ফ্ৰীজ কৰিছে ছুইচ প্ৰশাসনে।