অধিক কণী খালে কেনে সমস্যা হ’ব পাৰে জানেনে?

06 Jan 2026

TV9 ASSAM

দেহৰ বাবে কণী অত্যন্ত উপকাৰী। কিন্তু অত্যধিক পৰিমাণে কণী খালে দেহত বহু সমস্যাই গা কৰি উঠিব পাৰে। জানো আহক এইবিষয়ে।

কণী

বেছি কণী খালে হজমৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত পেটৰ বিষ, গেছ বা পেট ফুলা, বমিৰ দৰে সমস্যাই দেখা দিব পাৰে।

পেটৰ সমস্যা

এটা ডাঙৰ কণীত প্ৰায় ১৮৬ মিগ্ৰা কলেষ্টেৰল থাকে। প্ৰতিদিনে অত্যধিক কণী খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।

কলেষ্টেৰল

কণীত থকা প্ৰ’জেষ্টেৰন হৰমনৰ বাবে শৰীৰত শালমইনা বা মুখত গুটি উঠিব পাৰে। ছালৰ এলাৰ্জী থকা লোকসকল অধিক সাৱধান হোৱা উচিত।

ছালৰ সমস্যা

অত্যধিক কণী খালে শৰীৰত চৰ্বি আৰু কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ ফলত হৃদৰোগৰ আশংকা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

হৃদযন্ত্ৰৰ ক্ষতি

দিনটোত ১ টা বা ২ টা কণী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকৰ নহয়। কিন্তু অধিক খালে সমস্যা হ’ব পাৰে। লগতে কোনো ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

কিমান কণী খাব

পঢ়িবলৈ ক্লিক কৰক 

পুৱা খালী পেটত চাহ খালে হ'ব পাৰে এনে সমস্যা