আপোনাৰ দহ মিনিটৰ তাগিদাই বিপদ চপাইছে নেকি আন কাৰোবাৰ জীৱনলৈ!
বৰ্তমান ভাৰতত প্ৰায় ৮০ লাখ গিগ কৰ্মী আছে। চৰকাৰী নিয়ম অহাৰ আগতেই ব্যৱসায়ৰ সংখ্যা বাঢ়িছে। ভৱিষ্যতে এই ‘তাৎক্ষণিক’ আৰামৰ মূল্য কোনে দিব? আপুনি কেতিয়াবা ভাবিছেনে আপোনাৰ ১০ মিনিটৰ সুবিধাৰ আঁৰত কিমানজনৰ জীৱন বিপদত পৰিছে!
নৱবৰ্ষৰ পূৰ্বে যেতিয়া জেপ্ট’ আৰু ব্লিংকিটৰ দৰে ডেলিভাৰী এপত অৰ্ডাৰৰ সোঁত বৈছিল, তেতিয়া ইয়াৰ সৈতে জড়িত ডেলিভাৰী অংশীদাৰসকলে উন্নত দৰমহা আৰু নিৰাপত্তাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছিল। তেওঁলোকে অভিযোগ কৰে যে তেওঁলোকৰ জীৱন ১০ মিনিটৰ ডেলিভাৰীৰ চাপ আৰু এলগৰিদমৰ পিঞ্জৰাত আবদ্ধ হৈ পৰিছে।
অৱশ্যে ইয়াৰ বিপৰীত তথ্যও আছে, আৰু সেই তথ্য দিছিল জোমাটোৰ মুৰব্বী দীপিন্দৰ গোৱেলে। তেওঁ দাবী কৰে যে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ নিশা ৭৫ লাখ অৰ্ডাৰ ডেলিভাৰী কৰিছিল ৪ লাখ ৫০ হাজাৰ ডেলিভাৰী পাৰ্টানাৰে । আৰু এই অৰ্ডাৰবোৰ প্ৰায় ৬৩ লাখ গ্ৰাহকে দিছিল। তেওঁৰ বিবৃতিত স্পষ্ট হৈ পৰিছে যে ডেলিভাৰী পাৰ্টনাৰসকলৰ যিকোনো ধৰণৰ ধৰ্মঘট কোনো কামত নাহিল।
গোৱেলে কয়, সমস্যাটো দুৱাৰৰ ঘণ্টা বাজি থকাৰ পৰাই আৰম্ভ নহয়। সমস্যা আমাৰ মানসিকতাত। আমি সস্তীয়া সেৱা বিচাৰো। কিন্তু সেই খাদ্য আনি থকা ব্যক্তিজনৰ দৰিদ্ৰতা দেখি আমি অস্বস্তি অনুভৱ কৰো। অৱশ্যে শ্ৰমিক সংগঠনৰ প্ৰশ্নটো বেলেগ। বীমা নাই, নিশ্চিত আয় নাই—কেৱল প্ৰৰোচনাৰ স্বাৰ্থত বাইক চলাই কিমান দিনলৈ এই যুৱক-যুৱতীসকলে জীৱন বিপন্ন কৰিব?
