শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শৰৎ চক্ৰৱৰ্তীৰ সৈতে বাংলাদেশত ভয়ংকৰ কাণ্ড! ২৪ ঘন্টাত ২ জন হিন্দুৰ লগত গা কঁপাই যোৱা ঘটনা…

বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।

শৰৎ চক্ৰৱৰ্তীৰ সৈতে বাংলাদেশত ভয়ংকৰ কাণ্ড! ২৪ ঘন্টাত ২ জন হিন্দুৰ লগত গা কঁপাই যোৱা ঘটনা…
ৰানা আৰু মনি
Barasha Sarma
Barasha Sarma | Updated On: 06 Jan 2026 11:49 AM

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হিংসা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত দেশখনৰ পৰা ২জনকৈ হিন্দু লোকক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। তথ্য অনুসৰি, যোৱা ১৮দিনত দেশখনত ৬ জন হিন্দুক হত্যা কৰা হৈছে। সোমবাৰ (৫ জানুৱাৰী) নিশা নাৰ্চিংডিত গেলামালৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক হত্যা কৰাৰ ঘটনা সংঘটিত হয়। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হত্যাৰ বলি হৈছিল হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগী। এই কাণ্ডই এতিয়া দেশখনৰ আইন শৃংখলা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি দোকানত থকাৰ অৱস্থাতে শৰৎ চক্ৰৱৰ্তী মণিক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰা হয়। স্থানীয় লোকে জনোৱা অনুসৰি, একাংশ অচিনাক্ত লোকে তেওঁলোকৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলাই, তেওঁক লগে লগে হাস্পাতাললৈ লৈ যোৱা হয় যদিও আধাবাটতে মৃত্যুক সাৱতি লয়।

শৰৎ চক্ৰৱৰ্তীৰ পত্নী এগৰাকী গৃহিনী। তেওঁলোকৰ ১২ বছৰীয়া এটি পুত্ৰ সন্তাৰ আছে। ইয়াৰ পূৰ্বে শৰৎ চক্ৰৱৰ্তীয়ে দক্ষিণ কোৰিয়াত কাম কৰিছিল, কিন্তু কিছু বছৰ পূৰ্বে তেওঁৰ পুনৰ বাংলাদেশলৈ ঘূৰি আহিছিল। পৰৱৰ্তী সময়ত তেওঁ এখন গেলামালৰ দোকান চলাই আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, মণিৰ কাৰো সৈতে কোনো সংঘাত নাছিল, সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিছিল। কিন্তু সেই লোকজনকে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে।

২৪ ঘন্টাত দুটা হত্যাকাণ্ড

যোৱা ২৪ ঘন্টাত দেশখনত এয়া দ্বিতীয়টো হত্যাকাণ্ড। ৪৫ বছৰীয়া কাৰখানাৰ মালিক তথা বি ডি খবৰৰ কাৰ্যবাহী সম্পাদক ৰানা প্ৰতাপ বৈৰাগীক গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই।  আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬ মান বজাত এই আক্ৰমণ সংঘটিত হয়। ৰানাৰ মূৰত তিনিটাকৈ গুলী লাগিছিল আৰু ডিঙি কাটি পেলোৱা হৈছিল। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৭টা খালী কাৰ্টিজ। প্ৰাপ্ত খবৰ অনুসৰি, ৰানা কাৰাখানাত কাম কৰি থকা অৱস্থাত আক্ৰমণকাৰী মটৰ চাইকেলেৰে আহি তেওঁক বাহিৰলৈ মাতি নি এই কাণ্ড সংঘটিত কৰে।

 

অন্য খবৰ পঢ়কঃ ভেনিজুৱেলাত আক্ৰমণ, আঘাত চীনক! ক্ষোভিত হৈ কি ক’লে আমেৰিকাক?