নেপালত ভয়ংকৰ দুৰ্ঘটনাঃ দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, দুই ভাৰতীয়সহ ৬ জন নিহত
যাত্ৰীবাহী জীপখন পাহাৰীয়া পথৰ পৰা প্ৰায় ১০০ মিটাৰ গভীৰ খাৱৈত পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত আন তিনিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সম্প্ৰতি আহত লোককেইজন চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
চুবুৰীয়া দেশ নেপালত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দেশখনৰ মকৱানপুৰ জিলাত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত দুজন ভাৰতীয় নাগৰিকসহ মুঠ ছয়জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে, যাত্ৰীবাহী জীপখন পাহাৰীয়া পথৰ পৰা প্ৰায় ১০০ মিটাৰ গভীৰ খাৱৈত পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত আন তিনিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সম্প্ৰতি আহত লোককেইজন চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
জীপত আছিল ৯ জন যাত্ৰী
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মকৱানপুত দুৰ্ঘটনাত পতিত হোৱা জীপখনত মুঠ ৯ জন যাত্ৰী আছিল। জীপখন কাঠমাণ্ডুৰ পৰা হেটৌডালৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলায়।
মৃতদেহৰ চিনাক্তকৰণ
আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু আহত লোকসকলৰে ছয়জনে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। নিহত লোকসকলৰ ভিতৰত চাৰিজনক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে দুজন ভাৰতীয় নাগৰিক বুলি চিনাক্ত কৰা হৈছে।
বিহাৰৰ বাসিন্দা এই দুজন লোকৰ নাম হৈছে ৰজনীশ কুমাৰ আৰু অৰবিন্দ কুমাৰ। তেওঁলোক ব্যক্তিগত কোনো কামৰ বাবে নেপাললৈ গৈছিল বুলি জানিব পৰা গৈছে। নেপাল আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে।
আহতৰ অৱস্থা
মকৱানপুৰ জিলা আৰক্ষী কাৰ্যালয়ৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে জীপখনত ছয়জন পুৰুষ, এগৰাকী মহিলা আৰু দুটি শিশু আছিল। দুৰ্ঘটনাৰ লগে লগে সকলোকে হেটৌডা হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসা চলি থকা অৱস্থাতে ছয়জন লোকে প্ৰাণ হেৰুৱায়।
বৰ্তমান হাস্পতালখনত আন ৩ জন যাত্ৰীৰ চিকিৎসা চলি আছে, ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ সম্প্ৰতি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।