ভেনিজুৱেলাক লৈ ট্ৰাম্পৰ চাঞ্চল্যকৰ দাবী, কি ক’লে বিদেশ মন্ত্ৰীয়ে?
ভাৰত, ৰাছিয়াকে ধৰি কেইবাখনো দেশে আমেৰিকাৰ এই পদক্ষেপক ইতিবাচক দৃষ্টিৰে চোৱা নাছিল। অধিক বিতৰ্কৰ পৰা হাত সাৰিবলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ লোৱা নাই। বৰঞ্চ আমেৰিকাই অধিক নিষেধাজ্ঞা আৰোপ কৰি ভেনিজুৱেলাৰ তেল টেংকাৰ জব্দ কৰিব।
তেওঁ নিজৰ ভাগ্যৰ মালিক! ইচ্ছা কৰিলে শুল্ক যুদ্ধ আৰম্ভ কৰে, খং উঠিলে নিষেধাজ্ঞাও আৰোপ কৰে। এইবাৰ ভেনিজুৱেলাত অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক পনবন্দী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তাৰ পিছতে ঘোষণা কৰে যে আমেৰিকাই ভেনিজুৱেলা চলাব। ইয়াৰ পিছতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই খেলপথাৰত প্ৰৱেশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ৱাশ্বিংটনে কোনো প্ৰশাসনিক ভূমিকা গ্ৰহণ নকৰে।
বিগত সপ্তাহত অপাৰেচন এবছল্যুট ৰিজ’লিউচন আৰম্ভ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক অপহৰণ কৰিছিল আমেৰিকাই। কিন্তু ৰাষ্ট্ৰপতি অবিহনে এখন দেশ কেনেকৈ চলিব? ইয়াৰ উত্তৰত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলা চলাব।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
