Vande Bharat Sleeper Train: বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ এটা ডবাৰ দাম কিমান? জানক…
Vande bharat sleeper: শীঘ্ৰেই কলকাতাৰ হাওৰা আৰু গুৱাহাটীৰ মাজত চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। এই ট্ৰেইনখনত ১৬ টাকৈ ডবা আছে। পিছে আপুনি জানেনে এই ডবা এটাৰ দাম কিমান?
আপুনি ট্ৰেইনত যাত্ৰা কৰি ভাল পাই নেকি? যদি ভাল পাই তেন্তে আছে এক ভাল খবৰ। কিয়নো শীঘ্ৰেই হাওৰা আৰু গুৱাহাটীৰ মাজত চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে (এন এফ আৰ) জ’নে এই অৰ্ধ-গীতবেগী ৰে’লখন পৰিচালনাৰ দায়িত্ব ল’ব। এই ৰেলখনে ঘন্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ বেগত চলিব পাৰে। পিছে আপুনি জানেনে, এই ট্ৰেইনৰ এটা ডবা বনোৱাৰ নামত কিমান টকা খৰচ হৈছে।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ৰে’লখন নিৰ্মাণৰ খৰচ মেট্ৰ’ ৰে’লৰ ডবাতকৈ কম। মেট্ৰ’ ৰেলৰ ডবা এটাৰ দাম সাধাৰণতে ১০ৰ পৰা ১০.৫ কোটি টকা। পিছে বন্দে ভাৰতৰ এই ডবা এটাৰ দাম প্ৰায় ৮ ৰ পৰা ৮.৫ কোটি টকা বুলি কব পাৰি।
সবিশেষৰ বাবে ভিডিঅ চাওক…
