Khaleda Zia Passes Away: বাংলাদেশৰ ৰাজনীতিৰ এক অধ্যায়ৰ পৰিসমাপ্তিঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু
দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী।
সম্প্ৰতি উত্তেজনাই বিৰাজ কৰিছে চুবুৰীয়া দেশ বাংলাদেশত। ৰাজধানী ঢাকাকে ধৰি সৰ্বপ্ৰান্তত দেখা গৈছে উত্তপ্তময় পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজতে আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।
বিএনপি দলৰ ফেচবুক পেজে খালেদা জিয়াৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। পোষ্টটোত কোৱা হৈছে, “বিএনপিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ আজি পুৱা ৬ বজাত ফজৰৰ নামাজৰ কিছু সময়ৰ পিছতে মৃত্যু হয়। আমি সকলোকে তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছো।”
ৰাজনৈতিক যাত্ৰা আৰু অৱদান
১৯৪৫ চনত জন্মগ্ৰহণ কৰা খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। তেওঁৰ স্বামী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ হত্যাকাণ্ডৰ পিছত ১৯৮২ চনত তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি দিছিল। ১৯৯১ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
ইয়াৰ পিছত ১৯৯৬ আৰু ২০০১ চনতো তেওঁ বাংলাদেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল। তেওঁৰ কাৰ্যকালত দেশৰ শিক্ষা ব্যৱস্থা, বিশেষকৈ নাৰী শিক্ষাৰ প্ৰসাৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছিল। অৱশ্যে তেওঁৰ কাৰ্যকালতে ২০০১-২০০৫ চনত দুৰ্নীতিৰ ধাৰণা সূচকাংক অনুসৰি বিশ্বৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে পৰিগণিত হৈছিল বাংলাদেশ।
বিতৰ্ক আৰু কাৰাবাস
শেহতীয়া কেইটামান বছৰত খালেদা জিয়া সোমাই পৰিছিল বিতৰ্কত। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ তেওঁ ২০১৮ চনৰ পৰা কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পিছলৈ চৰকাৰৰ বিশেষ নিৰ্দেশত কাৰাগাৰৰ পৰা মুকলি কৰি তেওঁক গৃহ বন্দী কৰি ৰখা হৈছিল। যোৱা কেইবামাহো ধৰি তেওঁ যকৃতৰ সমস্যা, ডায়েবেটিছ আৰু হৃদৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল।