মূলাত আছে এনে উপকাৰী গুণ, জানিলে হ’ব আচৰিত

29 DEC 2025

TV9 ASSAM

মূলাত কেলৰি কম থাকে যদিও ভিটামিন-চি, পটাছিয়াম আৰু ফাইবাৰৰ দৰে প্ৰয়োজনীয় পুষ্টি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়।

মূলা

মূলাত থকা ভিটামিন-চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ফলত শীতকালীন চৰ্দি-জ্বৰ বা সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

ৰোগ প্ৰতিৰোধ ক্ষমতা

পটাছিয়াম সমৃদ্ধ মূলাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু এইদৰে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ

মূলাত থকা ফাইবাৰযুক্ত উপাদানে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচন তন্ত্ৰক সঠিকভাৱে পৰিচালনা কৰে।

হজম শক্তি

কেলৰি কম আৰু পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে মূলা খালে পেট বহু সময়লৈ ভৰি থাকে, ই ওজন কমোৱাত সহায় কৰে।

ওজন হ্ৰাস

মূলাত থকা এণ্টিঅক্সিডেণ্টে ছালৰ বলিৰেখা আঁতৰ কৰে আৰু ছালখন সজীৱ তথা যৌৱনদীপ্ত কৰি ৰাখে।

ছালৰ উজ্জ্বলতা

মূলাত প্ৰায় ৯৫ শতাংশ পানী থাকে। ই শৰীৰত পানীৰ অভাৱ পূৰণ কৰাৰ লগতে বৃক্ক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

দেহ হাইড্ৰেট

পঢ়িবলৈ ক্লিক কৰক 

ডালিমত আছে দেহৰ উপকাৰী এনে আচৰিত গুণ