29 Dec 2025
TV9 ASSAM
প্ৰায় সকলোৱে কণ্ডমৰ বিষয়ে জানে। গৰ্ভধাৰণ ৰোধ বা যৌন ৰৌগ সংক্ৰমণৰ ৰোধ আদিৰ বাবে কণ্ডম ব্যৱহাৰ কৰা হয়। জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।
বিশ্বৰ কোটি কোটি লোকে কণ্ডম ব্যৱহাৰ কৰে। পিছে প্ৰশ্ন হয়, ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? দ্বিতীয় স্থানত কোন আছে?
ভাৰতৰ দাদৰা নগৰ হবেলীত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়। ২০২১-২২ চনত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য বিভাগে এক সমীক্ষা চলাইছিল য'ত এই তথ্য প্ৰকাশ পাইছে।
এই সমীক্ষাৰ দ্বিতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। সমীক্ষাত পোহৰলৈ আহিছে যে, নগৰ অঞ্চলত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়। কিন্তু এতিয়া গ্ৰাম্য অঞ্চলতো ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে।
সমীক্ষা অনুসৰি, দাদৰা নগৰ হবেলীত ১০ হাজাৰ দম্পতীৰ ৯৯৩ য়ে কণ্ডমৰ ব্যৱহাৰ কৰে। ইফালে অন্ধ্ৰপ্ৰদেশত ১০ হাজাৰৰ ভিতৰত ৯৭৮ য়ে কণ্ডৰ ব্যৱহাৰ কৰে।
তথ্য অনুসৰি, প্ৰতি বছৰে ভাৰতত প্ৰায় ৩৩.০৭ কোটি কণ্ডম ক্ৰয় কৰা হয়। এই বিক্ৰীৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত ভাৰত দ্বিতীয় স্থানত আছে।
কণ্ডম বিক্ৰীৰ ক্ষেত্ৰত এছিয়াত চীন আগত আছে। চীনত প্ৰায় ৫.৮ আৰৱ ইউনিট কণ্ডম বিক্ৰী হয়। ইফালে ভাৰত দ্বিতীয় আৰু তুৰ্কী তৃতীয় স্থানত আছে।
পঢ়িবলৈ ক্লিক কৰক