শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অমিত শ্বাহৰ দিনজোৰা অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ দিনটোৰ শীৰ্ষ খবৰ

অমিত শ্বাহৰ দিনজোৰা অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 29 Dec 2025 22:58 PM

আজি ২৯ ডিচেম্বৰ, সোমবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে পোনে বৰদোৱালৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। অসম চৰকাৰে প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা থান পুনঃউন্নয়ন প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে। তাৰ পাছতেই এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে শ্বাহে। এই অনুষ্ঠানত উপস্থিত থাকে অসম বিজেপিৰ কেবাগৰাকীও শীৰ্ষ নেতা।

কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অবৈধ বাংলাদেশীক চিনাক্ত কৰি এটা এটাকৈ বাহিৰ কৰা হ’ব। বৰদোৱাত জনসভাত এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমক সম্পূৰ্ণ অনুপ্ৰৱেশমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিবলৈ ৰাইজক আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।

বৰদোৱাত জনসভাত ভাষণ দি অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অচিনাকী মানুহক মাটি বিক্ৰী নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ। তেওঁ লগতে কয় যে অসমীয়া জাতিৰ অস্তিত্ব আজি সংকটেৰে পূৰ্ণ। যদি জাতিৰ পৰিচয়েই নাথাকে নাথাকে, তেন্তে বিকাশৰ কোনো মূল্য নাই। চন্দ্ৰ-সূৰ্য থকালৈকে শংকৰ-মাধৱ গুৰু দুজনা আমাৰ মাজত জীয়াই থাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

বৰাগাঁৱৰ শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত অমিত শ্বাহ। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। এই সময়ত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে বিভিন্নজনে। তাৰ পাছতেই খানাপাৰাত নিৰ্মিত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে অমিত শ্বাহে। প্ৰায় ৫ হাজাৰ দৰ্শক বহিব পৰাকৈ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা হৈছে প্ৰেক্ষাগৃহটি।