শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাফিজ-মাছুদৰ আত্মগোপন, পাকিস্তানত নতুন সন্ত্ৰাসবাদী গোট গঠন ইয়াকুব শ্বেখৰ

লস্কৰৰ পৰা প্ৰশিক্ষণ লোৱাৰ পিছত এতিয়া ইয়াকুবে নিজাকৈ এটা সংগঠন জন্ম দিছে। বিবিচিৰ তথ্য অনুসৰি এই সংগঠনটোৰ নাম হৈছে চেণ্ট্ৰেল মুছলিম লীগ। ইয়াক পাকিস্তানৰ ৰাজনৈতিক দল হিচাপে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও এই সংগঠনৰ প্ৰতি সামৰিক বাহিনীৰ সমৰ্থন আছে বুলিও কোৱা হয়।

হাফিজ-মাছুদৰ আত্মগোপন, পাকিস্তানত নতুন সন্ত্ৰাসবাদী গোট গঠন ইয়াকুব শ্বেখৰ
কাৰী ইয়াকুব শ্বেখImage Credit source: TV9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 29 Dec 2025 16:25 PM

অপাৰেচন সেন্দূৰৰ পিছত হাফিজ ছাইদ আৰু মাছুদ আজহাৰৰ দৰে সন্ত্ৰাসবাদী নেতাই বিগত প্ৰায় ৭ মাহ ধৰি ধৰা পৰাৰ ভয়ত পাকিস্তানত আত্মগোপন কৰি থকা দেখা গৈছে। ইফালে পাকিস্তানে সৃষ্টি কৰিছে নতুন সন্ত্ৰাসবাদী নেতা। এই নতুন সন্ত্ৰাসবাদী নেতা কাৰী মহম্মদ ইয়াকুব শ্বেখ। লস্কৰৰ পৰা প্ৰশিক্ষণ লোৱাৰ পিছত এতিয়া ইয়াকুবে নিজাকৈ এটা সংগঠন জন্ম দিছে।

বিবিচিৰ তথ্য অনুসৰি এই সংগঠনটোৰ নাম হৈছে চেণ্ট্ৰেল মুছলিম লীগ। ইয়াক পাকিস্তানৰ ৰাজনৈতিক দল হিচাপে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও এই সংগঠনৰ প্ৰতি সামৰিক বাহিনীৰ সমৰ্থন আছে বুলিও কোৱা হয়।

কাৰী ইয়াকুব শ্বেখ কোন?

১৯৭২ চনত পাকিস্তানৰ বাহাৱালপুৰত জন্মগ্ৰহণ কৰা কাৰী ইয়াকুব শ্বেখে মাদ্ৰাছাত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ধৰ্ম প্ৰচাৰক হৈ পৰে। তেওঁৰ ধৰ্মধ্বনি স্থানীয়ভাৱে ভাইৰেল হৈ পৰে। ২০১২ চনত কাৰীক প্ৰথমবাৰৰ বাবে আমেৰিকাই সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰিছিল।

কাৰীৰ বিৰুদ্ধে লস্কৰ-ই-তৈবাত কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল। মাছুদ আজহাৰৰ সৈতেও কাৰী ইয়াকুবৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কোৱা হয়। ২০১৭ চনত কাৰীয়ে ডিফা-ই-পাকিস্তান কাউন্সিলৰ চিহ্নত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফল নহ’ল।

২০২৫ চনৰ আৰম্ভণিতে যেতিয়া আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়িছিল, তেতিয়া কাৰীয়ে তালিবান শাসনৰ বিৰুদ্ধে ফাতোৱা জাৰি কৰিছিল। কোৱা হয় যে ইয়াৰ ফলত পাকিস্তানী সেনাৰ সৈতে কাৰীৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল।

পাকিস্তানত হাফিজ আৰু মাছুদ আণ্ডাৰগ্ৰাউণ্ড

ভাৰতৰ অপাৰেচন সেন্দূৰৰ পৰাই মাছুদ আজহাৰ আৰু হাফিজ ছাইদ আণ্ডাৰগ্ৰাউণ্ড হৈ আছে। অপাৰেচন সেন্দূৰত নিহত হয় মাছুদৰ পৰিয়ালৰ ১৪ জন সদস্য। হাফিজৰ আত্মগোপনস্থলীও ধ্বংস কৰা হয়। বৰ্তমান পাকিস্তান সেনাৰ নিৰীক্ষণত হাফিজ আৰু মাছুদে আত্মগোপন কৰি আছে। অপাৰেচন সেন্দূৰৰ পিছত দুয়ো নেতাৰে কোনো খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা নাই।

নতুন সন্ত্ৰাসবাদী সংগঠনৰ প্ৰয়োজনীয়তা কি?

বৰ্তমান তেহৰিক-ই-তালিবান আৰু বেলুচ লিবাৰেচন আৰ্মীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তান। সামৰিক বাহিনীৰ জৰিয়তে দুয়োটা সন্ত্ৰাসবাদী সংগঠনক নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই পাকিস্তান। টিটিপিয়ে নিজৰ যুঁজখনক জেহাদ বুলি অভিহিত কৰিছে। টিটিপিয়ে সাধাৰণ নাগৰিকৰ পৰাও সমৰ্থন লাভ কৰে। ইয়াৰ বাবেই প্ৰতিটো ফ্ৰণ্টতে পাকিস্তানী সেনা এই সংগঠনৰ হাতত পৰাস্ত হৈছে।

কোৱা হৈছে যে পাকিস্তানে টিটিপি আৰু বিএলএৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুঁজিবলৈ সন্ত্ৰাসবাদৰ সূত্ৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই ক্ৰমত কাৰী ইয়াকুবক আগুৱাই অনা হৈছে কাৰণ হাফিজ ছাইদ আৰু মাছুদ আজহাৰৰ দৰে পুৰণি সন্ত্ৰাসবাদী বৰ্তমান পাকিস্তানৰ বাবে উপযোগী বুলি প্ৰমাণিত হোৱা নাই।