শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নতুন বৰ্ষ আৰম্ভণিৰ লগে লগে কৰক মাত্ৰ এই ৩টা কাম, জীৱনলৈ দূৰ হ’ব আৰ্থিক চিন্তা

ভৱিষ্যতে নামি আহিব পৰা যিকোনো বিপদৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰ্থিক দিশটোৰ প্ৰতি উপযুক্ত গুৰুত্ব দিব লাগে। অন্যথা আমি যিকোনো ক্ষণতে বিপদত পৰিব পাৰোঁ। আগন্তুক ২০২৬ চনত আপোনাৰ আৰ্থিক স্থিতি আৰু মানসিক শান্তি- এই দুয়োটাৰে সুৰক্ষাৰ বাবে তিনিটা বিশেষ অভ্যাস গঢ়ি তুলিব পাৰে। চাওক এই বিষয়ে।

নতুন বৰ্ষ আৰম্ভণিৰ লগে লগে কৰক মাত্ৰ এই ৩টা কাম, জীৱনলৈ দূৰ হ’ব আৰ্থিক চিন্তা
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 30 Dec 2025 09:08 AM

বিদায় বেলাত ২০২৫ চন। নতুন বছৰ ২০২৬ চনটোক আদৰিবলৈ অপেক্ষাৰত প্ৰতিজন লোক। এই অপেক্ষাৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। নৱবৰ্ষৰ প্ৰাকক্ষণত আমি বছৰটো সুখকৰ কৰি তুলিবলৈ কিছুমান ইতিবাচক সংকল্প লওঁ। সংকল্পৰ এই তালিকাখনত আমি প্ৰায়ে ভিন্ন দিশ অন্তৰ্ভুক্ত কৰোঁ যদিও নিজৰ আৰ্থিক সুৰক্ষাৰ দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদিওঁ। জীৱনৰ অনিশ্চয়তাই কেতিয়া আৰ্থিক সংকট নমাই আনে, সেয়া কোনেও পূৰ্বানুমান কৰিব নোৱাৰে।

ভৱিষ্যতে নামি আহিব পৰা যিকোনো বিপদৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰ্থিক দিশটোৰ প্ৰতি উপযুক্ত গুৰুত্ব দিব লাগে। অন্যথা আমি যিকোনো ক্ষণতে বিপদত পৰিব পাৰোঁ। আগন্তুক ২০২৬ চনত আপোনাৰ আৰ্থিক স্থিতি আৰু মানসিক শান্তি- এই দুয়োটাৰে সুৰক্ষাৰ বাবে তিনিটা বিশেষ অভ্যাস গঢ়ি তুলিব পাৰে। চাওক এই বিষয়ে-

এক জৰুৰীকালীন পুঁজি

প্ৰতিজন ব্যক্তিৰ বাবে প্ৰথম কাম হ’ল এক সুকীয়া জৰুৰীকালীন পুঁজি গঢ়ি তোলা। মনত ৰাখিব, বিনিয়োগ আৰু জৰুৰীকালীন পুঁজি একে নহয়। বিনিয়োগ কৰা হয় ভৱিষ্যতৰ লক্ষ্যৰ বাবে, কিন্তু জৰুৰীকালীন পুঁজি থাকে কেৱল অপ্ৰত্যাশিত বিপদৰ বাবে। নতুন বছৰত আপোনাৰ অন্ততঃ ছমাহৰ মাহিলী আয় বা খৰচৰ সমান ধন এটা সুকীয়া একাউণ্টত জমা কৰাৰ লক্ষ্য লওক।

যদি হঠাতে আপোনাৰ কৰ্মজীৱনলৈ কোনো বিপদ নামি আহে বা ব্যৱসায়ত লোকচান হয়, বা ঘৰৰ কোনো সদস্যক ৰোগে জুৰুলা কৰে, তেতিয়া এই পুঁজিয়ে আপোনাক কাৰো ওচৰত হাত নপতাকৈ পৰিয়ালটো চলাই নিয়াত সহায় কৰিব আৰু মানসিক চাপমুক্ত কৰি ৰাখিব।

কেৱল সঞ্চয় নহয়, বুদ্ধিমত্তাৰে বিনিয়োগ কৰক

কেৱল বেংকৰ একাউণ্টত ধন জমা থ’লেই নহ’ব, কাৰণ মুদ্ৰাস্ফীতিৰ বাবে আপোনাৰ সঞ্চয়ৰ প্ৰকৃত মূল্য লাহে লাহে কমি যায়। গতিকে ২০২৬ চনত আপোনাৰ আয়ৰ অন্ততঃ ২০ শতাংশ সঠিক ঠাইত বিনিয়োগ কৰাৰ নিয়ম কৰক। সকলো ধন একে ঠাইতে নাৰাখি বিভিন্ন মাধ্যমত ভগাই ৰাখক।

আপুনি ফিক্সড ডিপজিট (FD), ৰিকাৰিং ডিপজিট (RD), পি.পি.এফ (PPF) আৰু মিউচুৱেল ফাণ্ডৰ এছ.আই.পি (SIP) আদিৰ সংমিশ্ৰণত এটা সুন্দৰ পৰ্টফলিঅ’ তৈয়াৰ কৰিব পাৰে। বিভিন্ন ঠাইত বিনিয়োগ কৰিলে বিপদৰ মাত্ৰা কমে আৰু ভৱিষ্যতে এক বৃহৎ পৰিমাণৰ ধন জমা হোৱাত সহায় কৰে।

সুৰক্ষা কৱচ হিচাপে বীমা

বহু সময়ত দেখা যায় যে কষ্টৰে গঢ়া গোটেই জীৱনৰ সঞ্চয় পৰিয়ালৰ কোনো সদস্যৰ হঠাতে হোৱা অসুস্থতাৰ চিকিৎসাৰ নামতে শেষ হৈ যায়। কেতিয়াবা আকৌ চিকিৎসাৰ বাবে ডাঙৰ অংকৰ ঋণ ল’বলগীয়া হয়। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ স্বাস্থ্য বীমাক অপচয় বুলি নাভাবি এক অপৰিহাৰ্য সুৰক্ষা হিচাপে গ্ৰহণ কৰক।

এক সঠিক স্বাস্থ্য বীমাই আপোনাৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰে। বছৰেকীয়া সামান্য প্ৰিমিয়ামৰ বিনিময়ত আপুনি লাখ লাখ টকাৰ চিকিৎসা ব্যয়ৰ পৰা পৰিয়ালক সুৰক্ষিত কৰিব পাৰে। নতুন বছৰত এই তিনিটা আৰ্থিক অনুশাসন মানি চলিলে আপোনাৰ ভৱিষ্যত অধিক সুৰক্ষিত আৰু নিশ্চিন্ত হ’ব।