পুনৰ চৰাইদেউ জিলাৰ তিনি যুৱকৰ ন্যায় বিচাৰি দৌৰ জুবিন ক্ষেত্ৰলৈ। তিনি যুৱকৰ ৪৩০ কিলোমিটাৰ দৌৰ। উল্লেখ্য যে, বিতুপন গগৈ আৰু শান্তনু চেতিয়াই কিছু দিন পূৰ্বে চৰাইদেউ জিলাৰ সাপেখাতীৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি খোজ কাঢ়ি প্ৰতিবাদ কৰি জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল। আজি পুনৰ জিলাখনৰ সদৰ সোণাৰিৰ পৰা দৌৰি প্ৰতিবাদ কৰি জুবিন ক্ষেত্ৰলৈ ৰাওনা হৈছে। এইবাৰ তেওঁলোকক সহযোগ কৰিছে জিলাখনৰ অন্য এজন যুৱক প্ৰসেনজিৎ কোঁৱৰে।