এতিয়াও পশ্চিম কাৰ্বি আংলঙত চেপা উত্তেজনাই বিৰাজ কৰি আছে। ইয়াৰ মাজতে আজি সেনা আৰু আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰে। উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি কাৰ্বিআংলঙৰ পৰিস্থিতি অত্যন্ত বেয়া। প্ৰতিবাদৰ ফলত এতিয়ালৈকে ২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাজনে আহত হৈছে। দীৰ্ঘদিন ধৰি কাৰ্বি লোকসকলে অনাকাৰ্বিসকলক উচ্ছেদ কৰাৰ দাবী কৰি আহিছে। সেই সন্দৰ্ভত পৰিস্থিতি বেয়ালৈ ঢাল খায়।