ভাৰতৰ যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ। আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰে। মাত্ৰ ১৪ বছৰ বয়সতে বৈভৱে ইতিমধ্যে ক্ৰিকেট জগতখনত বহু আলোড়নৰ সৃষ্টি কৰিছে। এটাৰ পাছত আনটো অভিলেখ গঢ়িছে। ইয়াৰ মাজতে তেওঁ ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে। বৈভৱ সূৰ্যবংশীক দেশৰ সৰ্বোচ্চ শিশু বঁটা, প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰা হয়।