ভয়ংকৰ ৰে’ল দুৰ্ঘটনা: এই পৰ্যন্ত ১৩ জনৰ মৃত্যু, আহত প্ৰায় ১০০…
বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল। ২০২৩ চনত এই ট্ৰেন্সঅ’চেনিক ৰে’লখন উদ্বোধন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে।
নিশা সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দক্ষিণ মেক্সিকোত এখন ৰে’ল লাইনচ্যুত হৈ কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮ জন আহত হয়। ইয়াৰ ফলত ব্যাহত হৈ পৰিছে প্ৰশান্ত মহাসাগৰক মেক্সিকো উপসাগৰৰ সৈতে সংযোগ কৰা ৰে’লপথৰ যাতায়ত ।
অ’আক্সাকা আৰু ভেৰাক্ৰুজ ৰাজ্যক সংযোগ কৰা ট্ৰেন্সঅ’চেনিক ৰে’লখন নিজাণ্ডা চহৰৰ ওচৰৰ এটা পথত ৰে’লখন লাইনচ্যুত হয়। দেওবাৰে এক্সত প্ৰেৰণ কৰা বাৰ্তাত অ’আক্সাকা ৰাজ্যৰ গৱৰ্ণৰ ছলমন জাৰাই কয় যে, আহতসকলক সহায় কৰিবলৈ কেইবাটাও চৰকাৰী সংস্থা সেই স্থানত উপস্থিত হৈছে।
বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল। ২০২৩ চনত এই ট্ৰেন্সঅ’চেনিক ৰে’লখন উদ্বোধন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে। দক্ষিণ মেক্সিকোত ৰেল যাত্ৰাৰ প্ৰসাৰ আৰু প্ৰশান্ত মহাসাগৰ আৰু মেক্সিকো উপসাগৰৰ মাজৰ সংকীৰ্ণ জলদ্বীপ টেহুয়ান্টেপেক জলদ্বীপৰ কাষৰ আন্তঃগাঁথনি উন্নয়নৰ বহল প্ৰচেষ্টাৰ অংশ এই ৰে’ল সেৱা।
মেক্সিকান চৰকাৰে এই জলদ্বীপটোক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে কৌশলগত কৰিডৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে> য’ত বন্দৰ আৰু ৰে’ল লাইনে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিব। বৰ্তমান এই ট্ৰেন্সঅ’চেনিক ৰে’লখন প্ৰশান্ত মহাসাগৰৰ চেলিনা ক্ৰুজ বন্দৰৰ পৰা প্ৰায় ১৮০ মাইল (২৯০ কিলোমিটাৰ) দূৰত্বৰ কোটজাকোআলকছলৈকে চলি আছে।