শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ন্য়ায়ালয়ৰ ৰায়ঃ৩৪ বছৰৰ অন্তত চাকৰি ঘূৰাই পালে দীনেশে...

ন্য়ায়ালয়ৰ ৰায়ঃ৩৪ বছৰৰ অন্তত চাকৰি ঘূৰাই পালে দীনেশে…

Barasha Sarma
Barasha Sarma | Published: 29 Dec 2025 19:08 PM

Supreme Court: প্ৰায় ৩৪ বছৰ পাছত এজন লোকে হেৰুওৱা চাকৰি ঘূৰাই পালে। শেহতীয়াকৈ এই সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। কিন্তু চাকৰি, টকা উপভোগ কৰিবলৈ এতিয়া সেই লোকজন নাই।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বহু বছৰ পুৰণি এটা গোচৰ ৰায়দান কৰিছে। ইয়াৰ অধীনত দীনেশ চন্দ্ৰ শৰ্মা নামৰ এজন লোকে হেৰুওৱা চাকৰি ঘূৰাই পালে, লগতে লাভ কৰিব তিনিটা দশকৰ দৰমহাৰ ৫০ শতাংশ। পিছে দুখৰ বিষয় এয়াই যে এই চাকৰি আৰু টকা উপভোগ কৰিবলৈ দীনেশ শৰ্মা আৰু জীৱিত অৱস্থাত নাই। আইনী যুঁজৰ মাজতে তেওঁৰ মৃত্যু হৈছিল। গতিকে এতিয়া সেই দৰমহাৰ লাখ লাখ টকা তেওঁৰ সন্তানে লাভ কৰিব।

উল্লেখ্য যে, ১৯৭৮ চনত দীনেশে ৰাজস্থানৰ এখন হোটেলত সাধাৰণ কৰ্মী হিচাপে যোগদান কৰিছিল। কিন্তু ১৯৯১ চনত তেওঁৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন কৰি হোটেল কৰ্তৃপক্ষই চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তাৰ পাছত ২০১৫ চনত তেওঁ গোচৰ ৰুজু কৰিছিল। এই গোচৰতেই অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি দীনেশ চন্দ্ৰ শৰ্মাক চাকৰি ঘূৰাই বিগত ৩ দশকৰ ৫০ শতাংশ দৰমহা দিয়াৰ নিৰ্দেশ দিয়ে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…