প্ৰকৃতিৰ আচৰিত লীলা! শুভ্ৰ বৰফে আৱৰিলে বালিৰ মৰুভূমি…
নেশ্যনেল চেণ্টাৰ ফৰ মেটিঅ’ৰ’লজী বা এনচিএমৰ তথ্য অনুসৰি এই ঠাণ্ডা বতাহ চৌদি আৰৱৰ উত্তৰ আৰু পূব প্ৰদেশত দেখা গৈছে। কিন্তু আন অঞ্চলত এই তুষাৰপাতৰ বিষয়ে কৌতুহলৰ সৃষ্টি হ’লেও উত্তৰ টাবুক অঞ্চলত ইয়াৰ প্ৰভাৱ কমেইহে দেখা গৈছে। এই অঞ্চল সমুদ্ৰপৃষ্ঠৰ পৰা ২৬০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত।
গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ। বিগত তিনিটা দশকত এনে দিন দেখা নাছিল তেলৰ ৰাজ্যৰ বাসিন্দাসকলে । দৃশ্য দেখি আচৰিত হৈছে নেটিজেনসকলো। এয়া প্ৰকৃতিৰ অদ্ভুত লীলা। বগা বৰফেৰে আৱৰি ধৰিছে চৌদি আৰৱৰ শুকান মৰুভূমি। কিন্তু কিয় এনেকুৱা হ’ল?
চৌদি আৰৱৰ উত্তৰ অংশত অৱস্থিত টাবুক আৰু আল জাফ প্ৰদেশ। য’ত যোৱা বছৰৰ নৱেম্বৰ মাহত বৰফেৰে আৱৰি ধৰিছিল মৰুভূমি। শীতকালীন দিনত যেতিয়া এই অঞ্চলৰ তাপমাত্ৰা কমি যায়। কিন্তু এইবাৰ সেই ভংগ হৈছে সকলোবোৰ অভিলেখ। ১০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে মৰুভূমিৰ তাপমাত্ৰা। আনকি কেৱল উত্তৰ চৌদি আৰৱতে নহয়, দেশৰ পূব অংশত অৱস্থিত আল-আহছা প্ৰদেশতো একে পৰিস্থিতি দেখা গৈছে। বলিছে ঠাণ্ডা বতাহ , পৰিছে বৰফ।
নেশ্যনেল চেণ্টাৰ ফৰ মেটিঅ’ৰ’লজী বা এনচিএমৰ তথ্য অনুসৰি এই ঠাণ্ডা বতাহ চৌদি আৰৱৰ উত্তৰ আৰু পূব প্ৰদেশত দেখা গৈছে। কিন্তু আন অঞ্চলত এই তুষাৰপাতৰ বিষয়ে কৌতুহলৰ সৃষ্টি হ’লেও উত্তৰ টাবুক অঞ্চলত ইয়াৰ প্ৰভাৱ কমেইহে দেখা গৈছে। এই অঞ্চল সমুদ্ৰপৃষ্ঠৰ পৰা ২৬০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত।
বতৰ বিজ্ঞানীসকলৰ মতে এই তুষাৰপাতৰ আঁৰত জলবায়ু পৰিৱৰ্তন। বিশ্বাস কৰা হয় যে, জলবায়ুৰ প্ৰধান পৰিৱৰ্তন এই চাৰিটা অৱস্থাৰ বাবেই হৈছে: ওপৰৰ বায়ু ঠাণ্ডা, আৰ্দ্ৰতাৰ প্ৰবাহ বৃদ্ধি, বায়ুমণ্ডলৰ চাপৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু পৃষ্ঠৰ উষ্ণতা পৰ্যাপ্তভাৱে হ্ৰাস। এনচিএমৰ মুখপাত্ৰ হুছেইন আল-কাহতানীয়ে কয় যে, উত্তৰ-পূব অঞ্চলত ঠাণ্ডা বতাহ বৰষুণৰ ডাৱৰৰ সৈতে মিহলি হোৱাৰ ফলত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। ইয়াৰ ফলত অনাগত দিনত মধ্য চৌদি আৰৱৰ উষ্ণতাতো প্ৰভাৱ পৰিব বুলি তেওঁ আশংকা কৰিছে।