লণ্ডনত মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ, শুনা গ’ল Go Back ধ্বনি
বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধে লণ্ডনত ব্ৰিটিছ বাংলাদেশীৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে ইউনুছক মানৱ অধিকাৰ উলংঘা আৰু বাংলাদেশৰ অৱনতি ঘটা পৰিস্থিতিৰ বাবে জগৰীয়া কৰে। তেওঁৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু প্ৰতিমূৰ্তি দাহ কৰে।

বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে লণ্ডন ভ্ৰমণৰ সময়ত ক্ষুব্ধ প্ৰতিবাদকাৰীৰ সন্মুখীন হয়। মহম্মদ ইউনুছৰ হোটেলৰ বাহিৰত শ শ ব্ৰিটিছ বাংলাদেশীয়ে Go Back ধ্বনি দিবলৈ আৰম্ভ কৰে। আৱামি লীগৰ ব্ৰিটেইনৰ শাখা আৰু আন আন সংগঠনৰ অন্তৰ্গত প্ৰতিবাদকাৰীসকলে মহম্মদ ইউনুছৰ প্ৰশাসনক মানৱ অধিকাৰ উলংঘা, লিঞ্চিং, হত্যা আৰু বাংলাদেশৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপন কৰে।
প্ৰতিবাদকাৰীয়ে হাতত প্লেকাৰ্ড লৈছিল, য’ত লিখা আছিল ইউনুছ হৈছে ভীৰতন্ত্ৰৰ নিৰ্মাতা, জেহাদীক মুক্ত কৰা আৰু দেশপ্ৰেমিকক জেলত ভৰাই থোৱা…এইদৰে তেওঁৰ পদত্যাগৰ দাবী জনায়।
ইয়াৰ পূৰ্বে মহম্মদ ইউনুছে জাপান ভ্ৰমণৰ সময়তো একেধৰণৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া তেওঁ ব্ৰিটেইন ভ্ৰমণৰ সময়ত প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে।
প্ৰতিবাদকাৰীয়ে ইউনুছৰ বিৰুদ্ধে শ্লোগান দিয়ে
প্ৰতিবাদকাৰীসকলে ইউনুছৰ বিৰুদ্ধে শ্লোগান দি তেওঁৰ প্ৰতিমূৰ্তিক জোতাৰে মালা পিন্ধায়। ডাষ্টবিনত পেলাই দিয়া হয় মহম্মদ ইউনুছ আৰু তেওঁৰ প্ৰেছ সচিব ছফিকুল আলমৰ ফটো।
আৱামি লীগৰ সমৰ্থকসকলে বেনাৰ আৰু পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি শ্বেখ হাছিনাৰ সমৰ্থনত শ্লোগান দিয়ে। বাংলাদেশ আৰু দেশৰ বাহিৰত মহম্মদ ইউনুছৰ বিৰুদ্ধে অসন্তুষ্টিৰ সৃষ্টি হৈছে।
ইউনুছৰ প্ৰেছ সম্পাদক ছফিকুল আলমেও তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰতিবাদকাৰীৰ পৰা পলায়ন কৰি তেওঁ পিছফালৰ দুৱাৰেৰে হোটেলৰ পৰা ওলাই আহিছিল।
প্ৰেছ সচিবক ঘেৰি ধৰিলে প্ৰতিবাদকাৰীয়ে
প্ৰবাসী বাংলাদেশীয়ে তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে আৰু খেদিবলৈ চেষ্টা কৰে। ব্ৰিটিছ আৰক্ষীৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰাত তেওঁ কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হয়।
বাংলাদেশত কমি আহিছে ইউনুছৰ জনপ্ৰিয়তা। অন্তৱৰ্তীকালীন চৰকাৰ আৰু বাংলাদেশৰ সেনাবাহিনীৰ ভিতৰত উত্তেজনা বাঢ়িছে, যোৱা বছৰ শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত দেশৰ উন্নতিৰ বাবে পৰ্যাপ্ত কাম নকৰাৰ বাবে বহুতে তেওঁক দোষাৰোপ কৰিছে।
ইফালে, ইউনুছে ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰতিশ্ৰুতি দিছে যদিও হাছিনাক পদচ্যুত কৰাৰ পিছত বহু প্ৰত্যাশিত প্ৰথম নিৰ্বাচনত আগশাৰীৰ দল হিচাপে দেখা বিএনপিৰ সমৰ্থকসকলে তেওঁক তাৰিখ নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছে। জামাত-ই-ইছলামীয়ে ২০২৬ চনৰ এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।