শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শুল্কৰ পাছত আমেৰিকাৰ আন এক কঠোৰ সিদ্ধান্ত! লাখ লাখ ভাৰতীয় পৰিব বিপদত…

বিগত সময়চোৱাত আমেৰিকাই ভাৰতৰ হানি হ'ব পৰাকৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আমেৰিকাই আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ প্ৰভাৱ ভাৰতীয়ৰ ওপৰত পৰিব।

শুল্কৰ পাছত আমেৰিকাৰ আন এক কঠোৰ সিদ্ধান্ত! লাখ লাখ ভাৰতীয় পৰিব বিপদত…
ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 08 Sep 2025 14:54 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে বহু ভাৰত বিৰোধী সিদ্ধান্ত লৈ আহিছে। বিগত সময়চোৱাত ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক আৰু শুল্ক ভাবুকিৰ পাছত দুই দেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। ইয়াৰ পাছতে আমেৰিকাই আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ আমেৰিকাই ভিছাৰ নিয়ম কটকটীয়া কৰাৰ পাছতে দুই দেশৰ মাজত আন এক উত্তেজনাৰ সৃষ্টি হৈছে।

আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, নন-ইমিগ্ৰেণ্ট ভিছা (NIV )ৰ বাবে আবেদন কৰিব বিচৰাসকলে এতিয়া নিজৰ দেশ বা আইনীভাৱে বাস কৰা ঠাইত সাক্ষাৎকাৰৰ বাবে এপইণ্টমেণ্ট ল’ব লাগিব। আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতে এতিয়া ভাৰতীয়ই অন্য দেশৰ সহায় লৈ এপইণ্টমেণ্ট ল’ব নোৱাৰিব।

NIV ভিছা কি?

যোৱা ৬ ছেপ্টেম্বৰত আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ অফিচিয়েল ৱেবচাইটত কয় যে, তাৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আমেৰিকাৰ বিদেশ বিভাগে NIV ভিছা সন্দৰ্ভত এই আপডেট কৰিছে। উল্লেখ্য যে,  নন-ইমিগ্ৰেণ্ট ভিছা হৈছে এনে এক প্ৰকাৰৰ ভিছা য’ত বিদেশীয়ে অস্থায়ী উদ্দেশ্যত আমেৰিকাত প্ৰৱেশ কৰিব পাৰে। এই ভিছা পৰ্যটন, ব্যৱসায়, চিকিৎসা, অস্থায়ী কাম বা অধ্যয়নৰ বাবে দিয়া হয়। এই ভিছাত এক নিৰ্দিষ্ট সময় থাকে। ইয়াৰ অধীনত কোনো ব্যক্তিয়ে স্থায়ীভাৱে আমেৰিকাত বাস কৰিব নোৱাৰে।

কি কয় আমেৰিকাই

আমেৰিকাই  এই সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰি কয় যে, আমেৰিকাৰ নন-ইমিগ্ৰেন্ট ভিছাৰ বাবে আবেদন কৰাসকলে নিজৰ দেশৰ আমেৰিকাৰ দূতাবাস বা কনছুলেটত ভিছাৰ সাক্ষাৎকাৰৰ বাবে এপইণ্টমেণ্ট ল’ব লাগিব। যিবোৰ দেশত আমেৰিকা চৰকাৰে নিয়মীয়াকৈ অনুপ্ৰৱেশকাৰী ভিছা কাৰ্যকৰী কৰা নাই, সেইবোৰ দেশৰ নাগৰিকে নিৰ্দিষ্ট দূতাবাসত আবেদন কৰিব লাগিব।

আমেৰিকাৰ এই নতুন নিয়মৰ অৰ্থ হ’ল ভাৰতীয় নাগৰিকে এতিয়া আৰু অন্য দেশত B1 (ব্যৱসায়িক) বা B2 (পৰ্যটন) ভিছাৰ বাবে এপইণ্টমেণ্ট ল’ব নোৱাৰিব। ইয়াৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব। কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতত এপইণ্টমেণ্টৰ বাবে অপেক্ষাৰ সময় ৩ বছৰ পৰ্যন্ত হৈছিল। যাৰ পাছত তেওঁলোকে চুবুৰীয়া কোনো দেশলৈ গৈ সাক্ষাৎকাৰৰ বাবে এপইণ্টমেণ্ট লৈছিল। আমেৰিকাৰ এই সিদ্ধান্ত ২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে।

উল্লেখ্য যে, অধিক ভাৰতীয়ই আমেৰিকাত B1 (ব্যৱসায়িক) বা B2 (পৰ্যটন) ভিছা লৈ থাকে। পূৰ্বতে এই ভিছা লাভত বিশেষ সমস্যা নাছিল। কিন্তু এতিয়া আমেৰিকাৰ এই সিদ্ধান্তৰ ফলত B1 (ব্যৱসায়িক) বা B2 (পৰ্যটন)  ভিছা লাভত অসুবিধা হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ ভাৰতে সকলোৰে লগত বন্ধুত্ব বিচাৰে কিন্তু কাৰো নিৰ্দেশ ল’ব নিবিচাৰে…কোনে স্পষ্ট কৰি দিলে আমেৰিকাক?