লাভলীনাৰ ‘ক্ষোভ’ৰ পৰা ৰুছ-ইউক্ৰেইন যুদ্ধলৈ, দিনটোৰ শীৰ্ষ খবৰ
যুদ্ধবিৰতিৰ আলোচনাৰ মাজতে আজি ৰাছিয়াই পুনৰ ইউক্ৰেইনত আক্ৰমণ চলায়। লক্ষণীয়ভাৱে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত এক আলোচনাৰ সম্ভাৱনা আছিল। কিন্তু এই আক্ৰমণৰ পিছত সম্ভাৱ্য এই বৈঠক এতিয়া সন্দেহৰ মাজত সোমাই পৰিছে।
ইংলেণ্ডৰ লিভাৰপুলত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কালি ৰিঙত নামিছিল অলিম্পিক ব্ৰঞ্জজয়ী অসম সন্তান লাভলীনা বৰগোঁহাই। কিন্তু প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ অভিযান সামৰিবলগীয়া হয় তাৰকা বক্সাৰগৰাকীয়ে। ইয়াৰ পিছতে সামাজিক মাধ্যম একাউণ্ট যোগে লাভলীনা বৰগোঁহায়ে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত তেওঁ পৰাজয়ৰ বাবে ক্ষমা বিচৰাৰ লগতে উন্নত প্ৰশিক্ষণৰ অভাৱৰো ইঙ্গিত দিয়ে। তেওঁৰ এই পোষ্টে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অৱসানৰ বাবে শেহতীয়া কিছুদিনত ব্যাপক আলোচনা চলি আহিছে। কিন্তু দুয়ো দেশৰ মাজত যুদ্ধবিৰতিৰ প্ৰসঙ্গ এতিয়া ম্লান পৰাৰ উপক্ৰম হৈছে। যুদ্ধবিৰতিৰ আলোচনাৰ মাজতে আজি ৰাছিয়াই পুনৰ ইউক্ৰেইনত আক্ৰমণ চলায়। লক্ষণীয়ভাৱে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত এক আলোচনাৰ সম্ভাৱনা আছিল। কিন্তু এই আক্ৰমণৰ পিছত সম্ভাৱ্য এই বৈঠক এতিয়া সন্দেহৰ মাজত সোমাই পৰিছে।